ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ ৰোজা

*ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ ৰোজা।* 
যোৱা ১৯ মে দেওবাৰে গুৱাহাটীৰ হাতীগাঁও থানাৰ সমীপৰ মণিষা বিবাহ ভৱনত সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ হকে সমূহীয়া দোৱা আৰু ইফটাৰ আয়োজন কৰা হয়। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আৰু গৰিয়া ষ্টাডিজ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত সন্ধিয়া ৫.৩০ বজাত কেন্দ্ৰীয় হিলাল সমিতিৰ সভাপতি তথা কামৰূপ কাজি সন্থাৰ সভাপতি মৌলানা ফখৰুদ্দিন আলী আহমেদ কাচিমি আৰু মৌলানা ইদ্ৰিছ আলী চাহাবে সমূহ ৰাইজৰ সৈতে দোৱাত অংশগ্ৰহণ কৰে।

অসমৰ বিভিন্ন-জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি গঢ় দিয়াৰ পোষকতা কৰা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে আয়োজন কৰা উক্ত ধৰ্মীয় অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ নেতাৰ লগতে মহানগৰীৰ জেষ্ঠ নাগৰিক তথা বহু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। ইছলামধৰ্মীসকলৰ সমূহীয়া দোৱা আৰু ৰোজাৰ ইফটাৰ অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সমানে অংশগ্ৰহণ কৰাৰ কাৰণে সন্তোষ প্ৰকাশ কৰি পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুল ৰহমান, কাৰ্য্যকৰী সভাপতি নুৰুল হক আৰু সহকাৰী সম্পাদক  চহিদ আলী আহমেদ ডাঙৰীয়াই মহানগৰবাসীৰ লগতে অসমৰ বিশিষ্ট ব্যক্তি, জেষ্ঠ নাগৰিক তথা শুভাকাংক্ষী ৰাইজৰ সহাৰিক শ্ৰদ্ধা জনাই। পৰিষদৰ  কেন্দ্ৰীয় সভাপতি হাফিজূল আহমেদ ডাঙৰীয়াই অনুষ্ঠানটিত বহুসংখ্যক শুভাকাংক্ষী ৰাইজৰ সহাৰি আৰু উপস্থিতিত সন্তোষ প্ৰকাশ কৰে।

অনুষ্ঠানত উপস্থিত থাকে খিলঞ্জীয়া ঐক্য মঞ্চৰ আহ্বায়ক অনুপ চেতিয়া, পদ্মশ্ৰী ডা০ ইলিয়াছ আলী, সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল, জেষ্ঠ অধিবক্তা নেকিবুৰ জামান, অসম সাহিত্য সভাৰ মূখপাত্ৰ তথা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মূখ্য উপদেষ্টা চহিৰ ভূঞা, আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা, আছুৰ উপ সভাপতি বিপুল ৰাভা, উত্তৰ পূব হজ সমিতিৰ অধ্যক্ষ হামিম কুটুব জাভেদ আহমেদ, যুৱলেখক আব্দুল ওৱাদুদ শ্বেখ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ণকুমাৰ  গগৈ, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা প্ৰফুল্ল হাফিলা, হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজং, বিজেপি সংখ্যালঘু কোষৰ নেতা মতিউৰ ৰহমান, অসম মাদ্ৰাছা বৰ্ডৰ অধ্যক্ষ ইমৰাণ হুছেইন, প্ৰাক্তন ছাত্ৰ নেতা প্ৰিঞ্চ ফাইজুৰ ৰহমান প্ৰব্ৰজন বিৰোধী মঞ্চৰ বিমান বৰকাকতি, বি পি এফৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আলাউদ্দিন আলী, নৰ্থইষ্ট ডিজেবুল ডেভেলপমেণ্ট চোছাইটিৰ কাৰ্য্যকৰী সভাপতি নিৰঞ্জন কলিতা,  দিশপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ছিদ্দিক ৰহমান, মাৰ্কেটিঙ বৰ্ডৰ উপাধ্যক্ষ মনোজ ডেকা, গুৱাহাটী গমদেেৰ সন্মানীয় উপদেষ্টা নুৰ ৰহমান আৰু বিশিষ্ট লেখক ইঞ্জিনিয়াৰ জাকিৰ হুছেইন, বাঘসেনাৰ সভাপতি আজাদ আলী, সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্জ্যোতি বেজবৰুৱা,সচেতন নাগৰিকতথা উদিয়মান যুৱক মজমুল হুছেইন, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সম্পাদক  ৰাইফুদ্দিন আহমেদ, হাতীগাঁওস্থিত ব্লুবেল স্কুলৰ স্বত্বাধীকাৰী তথা প্ৰধান শিক্ষয়িত্ৰী তথা প্ৰাক্তন মেয়ৰ উৎপলা ফুকন।এই পবিত্র ৰমজানৰ ইফটাৰ অনুষ্ঠানৰ পৰাই সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তথা গুৱাহাটী মহানগৰ জিলা সমিতিৰ তত্বাৱধক চহিদ আলী আহমেদে অসম বাসীলৈ এক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে। বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰায় ছয় শতাধিকত কৈ অধিক পুৰুষ মহিলাৰ উপস্থিতিয়ে নিশ্চিতভাৱে অনুস্থানটি জাকত জিলিকা হৈ পৰিছিল। বৃহত্তৰ গুৱাহাটী বাসীৰ সচেতন তথা নেতৃস্থানীয় বহুকেইজন ব্যক্তিৰ লগতে সাহিত্যিক বুদ্ধিজীৱী সাংবাদিক ক্ৰীড়াবিদ মহিলা সমাজ তথা জাতীয়তাবাদী দল সংগঠনৰ নেতৃত্বৰ লগতে নিকায় নিগম সমূহৰ অধ্যক্ষ তথা বিষয় ববীয়া সকল উপস্থিত থাকে। এক কথাত কবলৈ গলে অনুষ্ঠানটি এক ভাতৃত্ববোধৰ মিলন ভূমিত পৰিণত হৈছিল। সহকাৰী সম্পাদক গৰাকীয়ে অনাগত দিনত অসমীয়া জাতি আৰু অসমৰ ঐক্য শান্তি প্ৰগতিৰ পথে আৰু অধিক আগবাঢ়ি যাবলৈ হলে এনেকুৱা সমূহীয়া অনুষ্ঠানৰ নিতান্তই প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰে।

জাতি ধৰ্ম  বৰ্ণ নিৰ্বিশেষে সমূহীয়া দোৱা আৰু ইফটাৰ অনুষ্ঠানটিৰ আয়োজন কৰিবলৈ আমাক বাট দেখুওৱা আৰু অনুষ্ঠানটি সুকলমে চলাই নিয়াত সহায় কৰা সমূহ মহান ব্যক্তিলৈ আৰু লগতে অনুষ্ঠানত উপস্থিত থকা  প্ৰতিজন ব্যক্তি তথা শুভাকাংক্ষীলৈ গুৱাহাটী মহানগৰ জিলা সমিতিৰ প্ৰতিজন বিষয় ববীয়া কৰ্মীয়ে পুনৰবাৰ শ্ৰদ্ধা জনাই।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment