গুৱাহাটী, ২৭ আগষ্ট: 'মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত অসমত শিক্ষা ব্যৱস্থাত অৰাজকতা চলিছে। স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৰাই চলিছে চৰকাৰী বিদ্যালয় নি:শেষ কৰাৰ ষড়যন্ত্ৰ,' এই অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ।
দলটোৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি অসমৰ শিক্ষা ব্যৱস্থাৰ অৰাজকতাৰ বিভিন্ন দিশৰ কথা দাঙি ধৰে দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই।
'চৰকাৰখনৰ শিক্ষাবিৰোধী পদক্ষেপে কি অৱস্থাৰ সৃষ্টি কৰিছে ভাৱিবলৈ ভয় লগা হৈছে। ৰাজ্যখনৰ শিক্ষাখণ্ডক ঠেলি দিছে এক অনিশ্চিত ভৱিষ্যতৰ ফালে। হঠকাৰী সিদ্ধান্তৰে চৰকাৰখনে মাতৃভাষাৰ বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ অনুসৰি পঞ্চম শ্ৰেণীলৈ মাতৃভাষাত শিক্ষাদান কৰাটো বাধ্যতামূলক। কিন্তু অসম চৰকাৰে এই নীতিৰ বিপৰীতে গৈ আজি তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা ইংৰাজী ভাষাত গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে। আজি বিভিন্ন জাতীয় সংগঠন, জনগোষ্ঠীয় সাহিত্য সভা, অসম সাহিত্য সভাই চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰিছে।
আমি অসম তৃণমূল কংগ্ৰেছে চৰকাৰৰ এই শিক্ষা আৰু মাতৃভাষা বিৰোধী কৰ্মকাণ্ডৰ গৰিহণা দিছো,' সংবাদমেলত দিলীপ কুমাৰ শৰ্মাই কয়।
শৰ্মাই একত্ৰীকৰণৰ নামত বিদ্যালয়সমূহ এফালৰ পৰা বন্ধ কৰি যোৱাৰো তীব্ৰ বিৰোধিতা কৰে। আনহাতে খালী হৈ থকা এহাজাৰ কলেজ শিক্ষকৰ পদবী দীৰ্ঘদিন ধৰি পূৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰসংগক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালৈ ৩৩% মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হৈ উঠে অসম তৃণমূল কংগ্ৰেছ।
'বিদ্যালয় একত্ৰীকৰণৰ নামত নিজৰ যি মন যায় তাকে কৰি বিদ্যালয়ৰ আন্ত:গাঠনি আৰু শৈক্ষিক মান উন্নত কৰাৰ বিপৰীতে ৰাইজৰ দান-বৰঙণিৰে গঢ়ি উঠা ৩৬ খন চৰকাৰী বিদ্যালয় ইতিমধ্যে বন্ধ কৰি তালিকা প্ৰকাশ কৰিছে। অন্য ১৯৫ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে জাননী জাৰি কৰিছে। আনহাতে এই কথাচহকী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে খালী হৈ থকা ১০০০ কলেজ শিক্ষক পদ পূৰণ কৰিব পৰা নাই। কোন কাহানিবাই ৭০০ কলেজ শিক্ষক পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিলে, কিন্তু আজিলৈকে নিযুক্তি দিব পৰা নাই। ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৩৩% শতাংশ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিশ্ববিদ্যালয়খনৰ অধীনৰ ৩০ খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আজি আন্দোলন কৰিব লগা হৈছে। কিন্তু এইবোৰলৈ কোনো কাণসাৰ নাই চৰকাৰখনৰ।
আনহাতে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে অসম তৃণমূল কংগ্ৰেছৰ নেতাজনে। 'পূৰ্বতে জনগোষ্ঠীয় নেতা ডা: ৰণোজ পেগুক ৰাজ্যখনৰ ভিন্ন বিষয়ত সৰৱ হোৱা দেখা গৈছিল। কিন্তু মন্ত্ৰী ডা: ৰণোজ পেগুৰ মাজত এতিয়া আমি দেখা পোৱা নাই সেই ছবি। কি হিমন্ত বিশ্বৰ অধীনত ডা: পেগুৱে ৰাবাৰ ষ্টাম্প ভূমিকা পালন কৰিবলগা হৈছে নেকি? আমাক উত্তৰ লাগে অসমৰ শিক্ষা ব্যৱস্থাৰ এই অধ:পতনৰ বাবে দায়ী কোন ডা: ৰণোজ পেগু নে ড° হিমন্ত বিশ্ব শৰ্মা?
আনহাতে সংবাদমেলত শৰ্মাই এক পোনপটীয়া অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যখনৰ ব্ৰেইন ড্ৰেইনৰ বাবে দায়ী ড° হিমন্ত বিশ্ব শৰ্মা। 'আজি বহু শিক্ষাৰ্থী ৰাজ্যৰ বাহিৰলৈ যাব লগা হৈছে। ব্ৰেইন ড্ৰেইনৰ এই সমস্যাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা। কাৰণ দীৰ্ঘসময়ৰ বাবে ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল তেওঁ। নিজে দায়িত্বত থকা সময়ত অসমৰ শিক্ষাখণ্ডৰ বাবে কি কৰিলে ড° শৰ্মাই,' দিলীপ কুমাৰ প্ৰশ্ন।
কথাই কথাই জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ শ্ল'গানেৰে ফিতাহি মৰা বিজেপি চৰকাৰখনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত মাতৃভাষা তথা জাতি-মাটি-ভেটিৰ কবৰ খান্দি সম্পূৰ্ণ স্বৈৰাচাৰী নীতিৰে ইচ্ছাকৃতভাৱে ৰাজ্যখনক এক ভয়ংকৰ আৰু অন্ধকাৰময় ভৱিষ্যতৰ ফালে ঠেলি দিয়া হৈছে।
অসম তৃণমূল কংগ্ৰেছে চৰকাৰখনে মইমতালিৰে গ্ৰহণ কৰা এই জাতিধ্বংসী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ভৰ্ৎসনা কৰিছো,' মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ নেতা শৰ্মাৰ।
শৰ্মাই লগতে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে কোনো এজন মুখ্যমন্ত্ৰীৰ পৰিয়ালে নকৰা কাম কৰি ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান স্থাপনেৰে মাতৃভাষাৰ বিদ্যালয় ধ্বংসৰ কাম নিজৰ পৰিয়ালৰ পৰাই আৰম্ভ কৰা বুলি কঠোৰ সমালোচনা কৰে। 'আজি মাতৃভাষাৰ বিদ্যালয়ক কৱৰ দিয়াৰ কাম মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৰাই কৰা হৈছে। গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে কোনো এজন মুখ্যমন্ত্ৰীৰ পৰিয়ালে এই কাম কৰাৰ নজিৰ নাই। নিজৰ মুনাফাৰ বাবে মাতৃভাষাৰ বিদ্যালয়ক এলাগী কৰাৰ কাম আজি চৰকাৰখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কৰা হৈছে,' শৰ্মাৰ ভাষ্য।
'আজি চৰকাৰখনে বাৰাম্বাৰ দাবী-আন্দোলনৰ পাছতো ২৬৫৯ খন বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে ২৩, ৯১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিছে। চৰকাৰৰ অকৰ্মন্যতাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৮০ খন প্ৰাথমিক বিদ্যালয়ত নাই এগৰাকীও শিক্ষক। সেইদৰে ৮৭৬ খন প্ৰাথমিক বিদ্যালয় চলি আছে মাত্ৰ এগৰাকী শিক্ষকৰ দ্বাৰা। একত্ৰীকৰণৰ নামত প্ৰাথমিক শিক্ষা বিভাগে ১৭১০ খন উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয় চিৰদিনৰ বাবে বন্ধ হৈ যাব বুলি শৰ্মাই সাংবাদমেলত কয়
0 Comments:
Post a Comment