মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদক সক্ৰিয় কৰাৰ পদক্ষেপ, ৬ ছেপ্তেম্বৰৰ পৰা ৪০০ যুৱক-যুৱতীক সামৰি উদ্যামিতা বিকাশৰ বিশেষ প্ৰশিক্ষণ শিবিৰ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ আগষ্ট:- অসম চৰকাৰৰ ছাত্ৰ আৰু যুব কল্যাণ পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ দাতা সমিতিৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ছাত্ৰ আৰু যুব কল্যাণ পৰিষদখন আৰু অধিক সক্ৰিয় কৰাৰ প্ৰয়াস কৰাৰ উপৰিও বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। সেই অনুসৰি, অহা ৬ ছেপ্টেম্বৰৰ পৰা ২০০ যুৱকক লৈ আৰু ২২ ছেপ্টেম্বৰত ২০০ যুৱতীক সামৰি বিভিন্ন বিষয়ত উদ্যমিতা বিকাশৰ বাবে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছত অহা অক্টোবৰ মাহত আঠখন জিলাৰ বিভিন্ন চাহ বাগিছাৰ পৰা ৮০ জন ছাত্রক ক্ষেত্র ভিত্তিক অধ্যায়নৰ বাবে অসম বাহিৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰিও ছাত্ৰ আৰু যুব কল্যাণ পৰিষদে অহা ডিচেম্বৰ মাহৰ ভিতৰত জিলাই জিলাই বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ লগতে প্ৰায় ১০০০ ছাত্র-যুবক-যুৱতীক সজাগতা, উদামিতা বিকাশ, ক্ষেত্র ভিত্তিক অধ্যয়ন তথা বিভিন্ন বিষয়ত প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰে অংশ হিচাবে যোৱা ২৬ আগষ্টৰ পৰা তিনিদিনীয়াকৈ ২৯ আগষ্টলৈ খানাপাৰাস্থিত ইণ্ডিয়ান ইন্সষ্টিটিউট অব বেংক মেনেজমেণ্টৰ প্ৰেক্ষাগৃহত ‘মুখ্যমন্ত্রীৰ যুৱ কল্যাণ আঁচনি’ৰ অধীনত জিলা পৰ্যায়ৰ অভিজ্ঞ ব্যক্তিক লৈ ৰাজ্যিক স্তৰৰ এক কর্মশালা অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বনৰক্ষী বাহিনীৰ মূৰব্বী তথা মুখ্য বন্যপ্রানী অধীক্ষক এম. কে. যাদব, (আই.এফ.এচ.) আৰু সন্মানীয় অতিধি ৰূপে উপস্থিত থাকে ক্রমে— বিশিষ্ট সমাজ সেৱক তথা নিবন্ধকাৰ তীৰ্থাঙ্কৰ দাস কলিতা, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৰ কল্যাণৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু সদস্য সচিব গীতার্থ গোস্বামী। কর্মশালাত সমল ব্যক্তিৰূপে বিভিন্ন বিষয়ত বক্তব্য ৰাখে খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা অনুষ্ঠানৰ সঞ্চালক ড. প্ৰদীপ কুমাৰ নেওগ, ৰাষ্ট্ৰীয় গাহৰি অনুসন্ধান সংস্থাৰ মুখ্য বিজ্ঞানী স্বৰাজ ৰাজখোৱা, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অৱসৰপ্ৰাপ্ত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক এইচ চি ভট্টাচাৰ্য আদি বিশিষ্ট অভিজ্ঞ ব্যক্তি সকলে। দেওবাৰে কৰ্মশালাৰ কাৰ্যসূচী অনুসৰি সকলোকে হাজো, নলবাৰী, ৰঙিয়াৰ বিভিন্ন কৃষিকাৰ্যৰ ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে নিয়া হয়, য'ত কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাবলম্বী কৰা উদামী কৃষকসকলৰ বিভিন্ন কৃষি কৰ্ম প্ৰত্যক্ষ ৰূপত প্ৰতিফলিত কৰোৱায় ৷ উল্লেখযোগ্য যে, নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক ক্ৰমে বিপুল হালৈ, পংকজ কলিতাৰ মৈৰাডাঙ্গাৰ শংকৰদেৱ কৃষি পাম পৰিদৰ্শন কৰোৱাৰ লগতে তেখেতসকলৰ অভিজ্ঞতা নিজ মুখে শুনাৰ উপৰিও সমন্বয় কৃষি প্ৰকল্পৰ উদীয়মান কৃষকসকলৰ লগতো মত বিনিময় কৰা হয়। এই কৰ্মশালাত বিভিন্ন জিলাৰ মুঠ ৭০ জন বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিয়ে অংশগ্রহণ কৰে আৰু পৰৱৰ্তী সময়ত এইসকলে ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদলৈ স্বেচ্ছাই সেৱা আগবঢ়াব বুলি মংগলবাৰে সদৰি কৰে ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে ।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment