দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যজুৰি দেশভক্তি দিৱস উদযাপন




গুৱাহাটী,২৮ জুলাইঃ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিৱস উপলক্ষে আজি ৰাজ্যজুৰি 'দেশভক্তি দিৱস' পালন কৰা হয়। গুৱাহাটীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত 'দেশভক্তি দিৱস' পালন কৰা হয়। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যােগত তৃতীয় বাৰৰ বাবে আয়োজন কৰা অনুষ্ঠানত মন্ত্রী পীযুষ হাজৰিকাই অংশ গ্ৰহণ কৰে। উল্লেখ্য যে ১৯৩৭ চনত প্ৰথম বাৰৰ বাবে গঠিত হোৱা " Assam Legislative Assembly" ত মুখ্যমন্ত্ৰী হিচাপে (তেতিয়াৰ প্ৰধানমন্ত্ৰী) অধিষ্ঠিত হোৱা চৈয়দ মহম্মদ ছাদুল্লাই "গ্ৰ' ম'ৰ ফুড" আঁচনিৰ দ্বাৰা পূৰ্ববংগীয় বহু মুছলমানক অসমলৈ আনি মাটি-ভেঁটিৰে সংস্থাপিত কৰিছিল আৰু অসমক মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰি পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ কুটিল ষড়যন্ত্ৰ কৰিছিল। কিন্তু অদম্য সাহস আৰু অনন্য দেশভক্তিৰ পৰিচয় দি দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰয়াসত ছাদুল্লাৰ এই ষড়যন্ত্ৰ সফল নহ'ল। দুয়োগৰাকী মহান অসমীয়াৰ সাহস-সেৱা আৰু ৰাষ্ট্ৰপ্ৰেমৰ বাবেই আজি অসমীয়া জাতিয়ে সগৌৰৱেৰে জীয়াই থাকিব পাৰিছে। মহান দেশপ্ৰেমিক তৰুণৰাম ফুকনৰ সেৱা-আদৰ্শেৰে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ মানসেৰে ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই অনুষ্ঠিত হোৱা এক কেবিনেট বৈঠকত দেশভক্ত গৰাকীৰ স্মৃতি দিৱসটো "দেশভক্তি দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰি এইবাৰ তৃতীয় বাৰৰ বাবে দেশভক্তি দিৱস পালন কৰা হয়। অহা বৰ্ষৰ পৰা এই দিৱসৰ অনুষ্ঠানৰ পূৰ্বে সমগ্ৰ ৰাজ্য জুৰি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰ বিষয়ে ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। এই প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক ৰাজ্যিক পৰ্যায়ত সন্মানিত কৰাৰ লগতে এই প্ৰতিযোগিতাৰ নিৰ্বাচিত ৰচনাসমূহ সংকলন হিচাপে ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগৰ তৰফৰ পৰা গ্ৰন্থ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব। আজিৰ অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ নাতিদ্বয় জিতেন্দ্ৰৰাম ফুকন আৰু ডাঃ হেমেন্দ্ৰৰাম ফুকন, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰকে ধৰি কেইবাগৰাকী বিশিষ্ট উপস্থিত আছিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment