গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰৰ অৱস্থা দেখি আচৰিত মন্ত্রী পীযুষ হাজৰিকা



গুৱাহাটী,২৭ জুলাইঃ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও নিচামুক্তি কেন্দ্ৰত অতৰ্কিতে পৰিদৰ্শন কৰি কোতবোৰ বিসংগতি ধৰা পেলায়। আনকি নিৰ্দেশনা অমান্য কৰা এটা কেন্দ্ৰ বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে মন্ত্রী পীযুষ হাজৰিকাই আজি পুনৰ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত "Hope Foundation নামৰ নিচা মুক্তি কেন্দ্ৰ আৰু লালমাটিস্থিত "ৰাণী নিচা মুক্তি কেন্দ্ৰ"ত হঠাতে উপস্থিত হয়। তেওঁ এই কেন্দ্ৰ সমূহত চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি ইয়াত থকা নিচাসক্ত লোক সকলে চিকিৎসা, থকা-খোৱা, বাথৰুম আদিৰ সুবিধা সঠিক ভাৱে প্ৰদান কৰা হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰে। মন্ত্রীগৰাকীৰ পৰিদৰ্শনকালত হেঙেৰাবাৰীস্থিত "Hope Foundation"ৰ দ্বাৰা পৰিচালিত নিচা মুক্তি কেন্দ্ৰটোত চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি থাকিব লগা নূন্যতম সুবিধা সমূহো নথকা পৰিলক্ষিত হয়। পৰিদৰ্শনকালত কেন্দ্ৰটোত আৱাসীসকলৰ বাবে সামান্যতম সুবিধাও নথকাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকী আচৰিত হৈ পৰে আৰু কেন্দ্ৰটোৰ তত্বাৱধানত থকা ব্যক্তিসকলক এই বিষয়ে ব্যৱস্থা লবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে। বাৰম্বাৰ নিৰ্দেশ প্ৰদান কৰাৰ ফলতো নীতি নিৰ্দেশনা পালন নকৰাৰ বাবে মন্ত্রীগৰাকীয়ে এই কেন্দ্ৰটো বন্ধ কৰিবলৈ আৰু ইয়াত থকা আৱাসী সকলক আন কেন্দ্ৰলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। আনহাতে লালমাটিস্থিত "ৰাণী নিচা মুক্তি কেন্দ্ৰ"ত মন্ত্রীগৰাকীয়ে বাকী সকলো সুবিধা যিকেই প্ৰত্যক্ষ কৰে যদিও বিগত কিছু মাহ ধৰি কেন্দ্ৰটোত চিকিৎসকৰ অনুপস্থিতি ধৰা পেলায়। এইক্ষেত্রত তেওঁ কেন্দ্ৰটোৰ পৰিচালকক এক সপ্তাহৰ ভিতৰত কেন্দ্ৰটোত চিকিৎসক নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এই নিৰ্দেশ অমান্য হ'লে কেন্দ্ৰটো বন্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্রীগৰাকীয়ে নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক সকলক চৰকাৰী নীতি নিৰ্দেশনা সম্পূৰ্ণ ভাৱে মানি চলিবলৈ আৰু পৰিস্কাৰ পৰিচন্নতাৰ প্ৰতি বিশেষ ধ্যান ৰাখিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে। মন্ত্রীগৰাকীয়ে কয় যে নিচাসক্ত লোক সকলক সঠিক পথলৈ ঘূৰাই অনাত নিচা মুক্তি কেন্দ্ৰ সমূহৰ ভূমিকা অপৰিসীম। বিগত বিভিন্ন সময়চোৱাত নিচাসক্ত লোক সকলক সঠিক পথলৈ আনিবলৈ স্থাপিত হোৱা নিচা মুক্তি কেন্দ্ৰ সমূহে চৰকাৰী নীতি নিৰ্দেশনা মানি চলিব লাগিব। অনাগত সময়তো সমগ্ৰ অসমতে এনে ধৰণৰ অভিযান চলি থাকিব বুলি মন্ত্রীগৰাকীয়ে সদৰি কৰে। এই পৰিদৰ্শনকালত মন্ত্রীগৰাকীক সংগ দিয়ে বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক মাদকদ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঞিকে ধৰি আন চৰকাৰী বিষয়াসকলে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment