কামৰূপ মহানগৰ জিলাত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক


গুৱাহাটী,৮ জানুৱাৰীঃ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ উপস্থিতিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অথচ আঁচনিৰ সুবিধা পাবৰ বাবে যোগ্য লোকসকলক বিচাৰি আঁচনিৰ সুবিধা দিবৰ বাবে সকলোকে সমন্বিত প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়৷ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তেও এই প্ৰচেষ্টা অব্যাহত থকা বুলি তেওঁ মন্তব্য কৰে৷ পৰ্যালোচনা বৈঠকত প্ৰথমে আৰক্ষী আয়ুক্তই জিলাখনৰ আইন-শৃংখলা আৰু অপৰাধ নিয়ন্ত্ৰণ আদি বিষয় পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে ৰাজ্যপালগৰাকীক অৱগত কৰে। অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধিত ৰাজ্যপালগৰাকীয়ে জোৰ দিয়ে৷ বিশেষকৈ ধৰ্ষণ, শিশু নিৰ্যাতন, হত্যা আদি গোচৰত অভিযুক্ত যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে নিৰহ নিপানী তদন্তৰ দিহা কৰিবলৈ ৰাজ্যপালে নিৰ্দেশ দিয়ে৷ জিলা আয়ুক্তই আন বিভাগবোৰৰ কাম-কাজ আৰু আঁচনিৰ আগ্ৰগতি সন্দৰ্ভত ৰাজ্যপালক অৱগত কৰে৷ জিলাখনত চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ আধিক্যৰ বিষয়তো গুৰুত্বসহকাৰে লৈ এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ শিক্ষা বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে৷ আধাৰ অবিহনে চৰকাৰী আঁচনিৰ সুবিধা লোৱাতো এতিয়া জটিল হৈ পৰা বুলি মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে কামৰূপ মহানগৰ জিলাত আধাৰ ছিডিঙৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে৷ জিলাখনত ব্যক্তিগত আবাসত থকা অংগনবাড়ী কেন্দ্ৰসমূহ সোনকালে স্থায়ী গৃহলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে ৰাজ্যপালে৷ ৰক্তদানৰ বাবে সজাগতা সৃষ্টিৰ পোষকতা কৰে ৰাজ্যপালগৰাকীয়ে৷ আনহাতে গছৰ পুলি উৎপাদনত মহিলাসকলক জড়িত কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে৷ শিক্ষানুষ্ঠানত ফল দিয়া আৰু ঔষধী গছ ৰোৱাৰ পৰামৰ্শ দিয়ে ৰাজ্যপালগৰাকীয়ে৷ পদপথত পাচলি বিক্ৰী কৰা মহিলাসকলক প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ ঋণ দিয়াৰ পৰামৰ্শ দিয়ে ৰাজ্যপালে৷ একোখন বিদ্যালয় স্থানীয় একোটা আঢ্যৱন্ত পৰিয়ালৰ দায়িত্বত দিবলৈ আৰু বিদ্যালয়ৰ সৰু-সুৰা খৰচ সেই পৰিয়ালৰ পৰা আদায়ৰ এক আঁচনি ৰূপায়নৰ পৰামৰ্শ দিয়ে ৰাজ্যপালগৰাকীয়ে৷ এমজি এনৰেগাৰ শ্ৰমিকক এশ দিনৰ নিশ্চিত কৰ্মদিনৰ সুবিধা দিয়াত গুৰুত্ব আৰোপ কৰে ৰাজ্যপালগৰাকীয়ে৷ পৰ্যালোচনা বৈঠকত জিলা প্ৰশাসন, আৰক্ষী আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment