চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত সাঁতোৰত অসমৰ উত্তৰা গগৈৰ সফলতা



গুৱাহাটী,২০ ফেব্ৰুৱাৰীঃ গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি প্ৰথমটো সুখবৰ আহে অসমৰ শিবিৰলৈ। অসমৰ প্ৰতিভাবান মহিলা সাঁতোৰ খেলুৱৈ উত্তৰা গগৈয়ে আজি ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ প্ৰথমটো সফলতা আনিবলৈ সক্ষম হয়। সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাত অসম কন্যা উত্তৰাই চণ্ডিগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি মহিলাৰ ৫০ মিটাৰ ৱাটাৰফ্লাইত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২৯.৮১ ছেকেণ্ড সময়ৰে তৃতীয় স্থান অৰ্জন কৰে উত্তৰাই৷ উল্লেখ্য যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত এয়া উত্তৰাৰ কেৰিয়াৰৰ পঞ্চমটো পদক৷ ইয়াৰপূৰ্বে যোৱা বছৰ উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত উত্তৰাই চমকপ্ৰদ প্ৰদৰ্শন কৰি মুঠ চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হৈছিল। যোৱা বছৰ দিল্লী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰা অসম কন্যা উত্তৰাই মহিলাৰ ৫০, ১০০ আৰু ২০০ মিটাৰ ৱাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰাৰ লগতে ২০০ মিটাৰৰ ফ্ৰী ষ্টাইল ৰীলে শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ যোৱা বছৰ উত্তৰাই মহিলাৰ ৫০ মিটাৰ ৱাটাৰফ্লাইত ২৯.৬২ ছেকেণ্ডত সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে ১০০ মিটাৰ ৱাটাৰফ্লাইত এক মিনিট ০৬.০৬ ছেকেণ্ডৰে দ্বিতীয়টো ৰূপৰ পদক লাভ কৰিছিল৷ আনহাতে ২০০ মিটাৰ ৱাটাৰফ্লাইত দুই মিনিট ৩১.৮২ ছেকেণ্ডৰে আন এটা ৰূপ অৰ্জন কৰিছিল উত্তৰাই৷ তদুপৰি, উত্তৰাই প্ৰতিনিধিত্ব কৰা দিল্লী বিশ্ববিদ্যালয়ৰ মহিলা ৰীলে দলে ফ্ৰী ষ্টাইলত ব্ৰঞ্জ অৰ্জন কৰে৷ সময় আছিল ন মিনিট ৪৬.৭৮ ছেকেণ্ড৷ আজি পদক জয়ৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰাই কয় যে যদিও পদক লাভ কৰিছো মই নিজৰ প্ৰদৰ্শনত সুখী নহয়৷ মই সময় উন্নত কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু সেয়া নহ’ল৷ কাইলৈ মই ১০০ আৰু ২০০ মিটাৰ ৱাটাৰফ্লাইত অংশ লম৷ এইবাৰ উন্নত প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিম বুলি তেওঁ কয়। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment