ডিজিপিক বিজেপিৰ ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়নি ডাঃ ভবেন চৌধুৰীৰ
গুৱাহাটী,১ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিব বুলি ঘোষণা কৰাৰ পিছতে অসমবাসী শংকিত হৈ পৰিছে। বিভিন্ন দল-সংগঠনে 'কা' বলবৎ হোৱাৰ পিছদিনাই সৰ্বাত্মক আন্দোলন কৰিব বুলি ঘোষণা কৰাৰ লগে লগে আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ দোহাই দি অসমবাসীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ অপচেষ্টা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী প্ৰশাসনৰ মূৰব্বীজনক সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰে ব্যৱহাৰ কৰা এনে কাৰ্যক আম আদমি পাৰ্টীয়ে গৰিহণা দিয়ে। আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে অসমে আন্দোলন নকৰাকৈ কেন্দ্ৰৰ পৰা কোনো সম্পদ লাভ কৰা নাই। শৰাইঘাটৰ দলঙেই হওক বা নুনমাটিৰ শোধনাগাৰেই হওক। অসমত অসমীয়া ভাষাৰ চৰকাৰী ভাষাৰ স্বীকৃতি, শিক্ষাৰ মাধ্যম, অসম চুক্তি, এই সকলোবোৰৰ প্ৰাপ্তিৰ আঁৰত আছে অসমীয়াৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলন। গতিকে বিজেপিয়ে স্বৰাজোত্তৰ অসমৰ ইতিহাস অধ্যয়ন কৰা উচিত। জি পি সিঙৰ দ্বাৰা বিজেপিয়ে যি বক্তব্য প্ৰচাৰ কৰোৱাইছে, সেয়া সম্পূৰ্ণ অসমবিৰোধী। অসমত 'কা' বলবৎ হ'লে অসম-অসমীয়ালৈ তথা অসমীয়া ভাষালৈ যি ভাবুকি নামি আহিব, সেই ভাবুকি প্ৰতিজন অসমীয়াই প্ৰতিহত কৰিব। অসম-অসমীয়াক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ অসমীয়াই গণতান্ত্ৰিক আন্দোলন কৰিলে তাক গণতান্ত্ৰিক প্ৰমূল্য বুজি পোৱা কোনো চৰকাৰে বাধা নিদিয়ে। আপৰ প্ৰশ্ন যে অসমতে অসমীয়া ভাষাই সংখ্যাগৰিষ্ঠতা হেৰুৱালে সেই মূল্য ১৬৪৩ কোটি টকাৰে জুখিব পাৰিব নেকি। উল্লেখ্য যে অসম বন্ধ দিয়া দল-সংগঠনে ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব বুলি জি পি সিঙে এক বক্তব্য প্ৰচাৰ কৰিছিল।

0 Comments:
Post a Comment