বিধায়ক আব্দুৰ ৰচিদ মণ্ডল আৰু জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ
গুৱাহাটী,৪ এপ্ৰিলঃ দলীয় অনুশাসন ভংগৰ অভিযোগত গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল আৰু জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে প্ৰদেশ কংগ্ৰেছে। উল্লেখ্য যে দলীয় নেতৃত্বৰ বিৰুদ্ধে ব্যাপক ক্ষোভ উজাৰি ইতিমধ্যে পদত্যাগ কৰিছে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে। উল্লেখ্য যে এজনৰ পাছত আনজনকৈ নেতাই পদত্যাগ কৰাৰ লগতে দলীয় নেতাসকল আভ্যন্তৰীন কন্দলত নিমজ্জিত হৈ থকাত অসমত কংগ্ৰেছৰ ভেটি ক্ৰমাৎ থৰক-বৰক হৈ পৰিছে। বিশেষকৈ কংগ্ৰেছৰ বহুসংখ্যক নেতাই দলৰ বিৰুদ্ধেই ক্ষোভ উজাৰি মুকলিকৈ বক্তব্য কৰা কাৰ্যই দলটোক বিশেষভাৱে ক্ষতি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে। আজি প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে দুজনকৈ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। ইয়াৰ এজন হৈছে জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ আৰু আনজন হৈছে গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল। আগতেই উল্লেখ কৰা হৈছে জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে ইতিমধ্যে পদত্যাগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্র প্ৰেৰণ কৰিছে। ইফালে কাৰণ দৰ্শোৱাৰ জাননীত দুয়োগৰাকী নেতাকে জবাবদিহি কৰা হৈছে। পৃথকে পৃথকে দিয়া জাননী দুখনত কোৱা হৈছে যে দুয়োজন নেতাই ইচ্ছাকৃতভাৱে দলীয় অনুশাসন উলংঘা কৰাৰ লগতে বিভিন্ন দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে। যাৰ ফলত দলীয় কৰ্মকৰ্তাসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে। এই বিষয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক অৱগত কৰোৱা হৈছে। সম্পূৰ্ণ মিছা তথ্য আৰু অভিযোগেৰে দলৰ ভাৱমূৰ্তি হেয় কৰাৰ ষড়যন্ত্রত তেওঁলোক জড়িত হোৱাৰ বিষয়টো জাননীত উল্লেখ কৰা হৈছে। আনহাতে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলক দিয়া জাননীত কোৱা হৈছে যে তেওঁ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। সভাপতিৰ নিৰ্দেশ মৰ্মে জাৰি কৰা জাননী যোগে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলক দুদিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে। সেইদৰে ৰমেন বৰঠাকুৰক তিনিদিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে। দলীয় অনুশাসন উলংঘা কৰা আৰু দল বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা লোৱা নহ'ব তাৰ উত্তৰ দুয়োগৰাকী নেতাকে দিয়াৰ বাবে জাননী যোগে নিৰ্দেশ দিয়া হৈছে।


0 Comments:
Post a Comment