গুৱাহাটী,১৪ জুনঃ ১৯৮৫ চনৰে পৰা আঞ্চলিকতাবাদৰ ধ্বজা সগৌৰৱে উৰুৱাই বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা ৮বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ফণীভূষণ চৌধুৰীয়ে এইবাৰ সাংসদ হিচাপে নতুন দিল্লীৰ সংসদ ভৱনলৈ এক নতুন অধ্যায় সংযোজন কৰিলে। বৰপেটাৰ পৰা জয়ী হোৱা নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে আজি আনুষ্ঠানিকভাৱে বিধায়ক পদ ত্যাগ কৰে। কিছু আৱেগিক হৈ ফণীভূষণ চৌধুৰীয়ে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়ক পদৰ পদত্যাগ-পত্ৰ আনুষ্ঠানিকভাৱে দাখিল কৰে। পদত্যাগ পত্র দাখিল কৰাৰ সময়ত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল। মন্ত্রী অতুল বৰাই কয় যে বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজৰ বিপুল সমৰ্থনেৰে অগপৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ফণীভূষণ চৌধুৰীৰ বৰ্ণাঢ্য অভিজ্ঞতাই সমষ্টিবাসীৰ উন্নয়নক এক নতুন গতি দিব বুলি আমি দৃঢ় বিশ্বাসী। বিগত চাৰি দশকজুৰি ফণীভূষণ চৌধুৰীক মৰমেৰে ওপচাই ৰখা শ্ৰদ্ধাৰ বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ প্ৰতি অসম গণ পৰিষদ সদায়েই কৃতজ্ঞ হৈ ৰ'ব। ফণীভূষণ চৌধুৰীৰ সংসদ যাত্ৰাই দেশৰ ৰাজনৈতিক মানচিত্ৰতো এন ডি এৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদৰ পতাকাখন জিলিকাই ৰাখিব। অসম আৰু অসমীয়াৰ এক বলিষ্ঠ কণ্ঠ হৈ লোকসভাৰ মজিয়াতো ফণীভূষণ চৌধুৰীয়ে সবল ভূমিকা ল'ব বুলি মন্ত্রী বৰাই আশা প্ৰকাশ কৰে।
আবেগিক হৈ বিধায়ক পদ ত্যাগ কৰিলে নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে

0 Comments:
Post a Comment