বেদান্ত ভাৰ্গৱ বৰালৈ ৰ'দালি সংবাদ সেৱা বঁটা আৰু দেৰগাঁৱৰ স্বৰ্ণালী গগৈ দাসলৈ ৰ'দালি কাব্য বঁটা


হাওৰাঘাট,১৭ আগষ্ট : গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ সৰুপথাৰৰ পৰা অসমীয়া কাব্য জগতলৈ বৰঙণি আগবঢ়োৱাৰ মানসেৰে আত্মপ্ৰকাশ ঘটা ৰ'দালি কাব্যালোচনী আৰু ৰ'দালি প্ৰকাশনে অহা ১ ছেপ্টেম্বৰত তিনিবছৰ সম্পূৰ্ণ কৰিব। "ৰ'দালি"ৰ মুখ্য সম্পাদক স্পনানী গগৈ চেতিয়া আৰু সহঃ সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে জানিবলৈ দিয়া মতে "ৰ'দালি"য়ে সাফল্যৰে তিনিটা বৰ্ষ অতিক্ৰম কৰাৰ বাবে চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানটি অতি আড়ম্বৰপূৰ্ণভাৱে অহা ১ ছেপ্টেম্বৰত সৰুপথাৰস্থিত হনুমান মন্দিৰ প্ৰাঙ্গণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । ৰ'দালি প্ৰকাশন আৰু ৰ'দালি কাব্যালোচনীৰ এই দিনটোত স্থানীয় লেখক-কবিসকলৰ লগত মতবিনিময় কৰিবৰ বাবে অসমৰ কেইবাগৰাকীও বিশিষ্ট কবি-সাহিত্যিক উপস্থিত থাকিব। ইফালে উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে বিগত সময়ছোৱাত ৰ'দালি কাব্যালোচনীলৈ প্ৰতিমাহে কবিতা প্ৰেৰণ আৰু অন্যান্য দিশত নিঃস্বাৰ্থভাৱে অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা দেৰগাঁও ৰঙামাটিৰ স্বৰ্ণালী গগৈ দাসক "ৰ'দালি কাব্য বঁটা ২০২৪" আৰু ৰ'দালি তথা অঞ্চলটোৰ সংবাদ জগতৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে প্ৰতিদিন টাইমৰ সৰুপথৰৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰালৈ "ৰ'দালি সংবাদ সেৱা বঁটা ২০২৪" প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি উক্ত অনুষ্ঠানতে ৰ'দালি প্ৰকাশনৰ পৰা প্ৰকাশ পাবলগীয়া অসমৰ বিভিন্ন প্ৰান্তৰ লেখক তথা কবিৰ প্ৰায় ত্ৰিশখন গ্ৰন্থ উন্মোচনৰ বাবে দিহা কৰিছে। বৰ্ষপূৰ্তিত উন্মোচন হ'বলগীয়া গ্ৰন্থ সমূহ হ'ল স্পনানী গগৈ চেতিয়াৰ কাব্যগ্ৰন্থ তাজমহলৰ ৰং, ফাগুন, আই, Schizophrenia বিক চিনা (অণু গল্প), মহেশ্বৰ বসুমতাৰীৰ সাময়িকী (প্ৰবন্ধ ), তৰা বৰুৱাৰ কাব্য সংকলন সৰা পাতৰ গুণগুণনি, প্ৰপঞ্চি(প্ৰবন্ধ), স্বৰ্ণালী গগৈ দাসৰ মৰীচিকা (অণু গল্প), সংযুক্তা, কুচমিতা, কবিতাহঁতৰ কথাৰে (শিশু গল্প), দীপা মণি কোচ ভৰালীৰ ভাবনাৰ তৰা ফুল (প্ৰবন্ধ), ৰূপালী বৰা শইকীয়াৰ কাব্য গ্ৰন্থ অনুভৱৰ জীপাল ৰামধেনু, চাইপ্ৰাইজ (গল্প), ৰহিত কুমাৰ ৰাভাৰ কাব্যগ্ৰন্থ জীৱনৰ সুৰুযমুখী স্বপ্ন, মানৱী চুঙী মাউতৰ কাব্যগ্ৰন্থ মোৰ কলিজাৰ একুকি কবিতা, ৰূপজ্যোতি দুৱৰা মেছৰ কাব্যগ্ৰন্থ নীলকণ্ঠী, ৰক্তিম তামুলীৰ কাব্যগ্ৰন্থ মৰুছাঁয়া,অংকিতা বৰুৱাৰ কাব্যগ্ৰন্থ সোণ পৰুৱা, শিখামণি তামুলীৰ এজাক ধুমুহাৰ শেষত (গল্প), চন্দ্ৰপ্ৰভা চেতিয়াৰ কাব্যগ্ৰন্থ সোণ হেৰুৱা দিনবোৰ, সন্দীপা চৌধুৰীৰ কাব্যগ্ৰন্থ এমুঠি আবেলিৰ কবিতা, ৰূপালী বসুমতাৰীৰ কাব্যগ্ৰন্থ তোমাক ভাল পাবলে' মোৰ বাবে নালাগে কোনো এটি দিৱস, স্পন্দিতা বৰুৱাৰ কাব্যগ্ৰন্থ মাধ্যন্দিন, মণি কুটুমৰ কাব্যগ্ৰন্থ সময় তুমি নহা হ'লে, পুষ্পা বৰগোহাঁইৰ কাব্যগ্ৰন্থ এমুঠি অনুভৱৰ স্তৱক, অমল দাৱৰ কাব্যগ্ৰন্থ নদী গঙাচিলনী, নিৰ্জু নিশা দত্তৰ কানাইঃৰাধা হ'ব নোৱাৰিলো তোৰ ইত্যাদি। ইপিনে ৰ'দালি প্ৰকাশনে আয়োজন কৰা স্বৰচিত কবিতা প্ৰতিযোগিতাৰ ফলাফলো ঘোষণা কৰিছে। ৰ'দালি কবিতা আলোচনীৰ সম্পাদনা সমিতিয়ে "চতুৰ্থ বৰ্ষপূৰ্তি" উপলক্ষে ৰাজ্যিক ভিত্তিত আয়োজন কৰা স্বৰচিত কবিতা লিখা প্ৰতিযোগিতাৰ ফলাফল সমূহ বিশেষ বিচাৰক মণ্ডলীয়ে ফলাফল বাছনি কৰি উলিওৱা অনুসৰি স্থান লাভ কৰা কবিসকল হৈছে প্ৰথম - নিৰ্জু নিশা দত্ত (নলবাৰী) আৰু দ্বিতীয় - অৰুণ গগৈ (মৰিয়নি নগাঁও, যোৰহাট), বিজয়ীসকলক ১ ছেপ্টেম্বৰত ৰ'দালি চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰা হ'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment