বোমা সংস্থাপন : নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ মহিলাসহ ১৫ জনক
গুৱাহাটী,২২ ছেপ্টেম্বৰ : স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ অভিযোগত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী সংস্থা 'নিয়া'ৰ সহযোগত অসম আৰক্ষীয়ে যোৱানিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই তিনিগৰাকী মহিলাসহ মুঠ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে। এই কথা সদৰি কৰিছে অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই। অসম আৰক্ষীয়ে বিবৃত্তি যোগে জনাই যে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন স্থানত আই ই ডি সদৃশ সন্দেহজনক সামগ্ৰী সংস্থাপন কৰাৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত চলাই আহিছে। সেই তদন্তৰ আধাৰত যোৱানিশা নিয়াৰ কাৰিকৰী সহযোগত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত তিনিগৰাকী মহিলা আছে। অসম আৰক্ষীৰ দীঘলীয়া তদন্তত বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। প্ৰাথমিক জেৰাৰ পিছত বহু কথাই পোহৰলৈ আহিছে যদিও দীঘলীয়া জেৰাত বোমা সংস্থাপনৰ ষড়যন্ত্র সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিব পৰা যাব বুলি অসম আৰক্ষীৰ বিবৃত্তটোত কোৱা হৈছে। অসম আৰক্ষীয়ে যোৱানিশা চলোৱা অভিযানত তিনিচুকীয়াৰ পৰা এজনক, শদিয়াৰ পৰা এজনক, ডিব্ৰুগড়ৰ পৰ তিনিজনক, যোৰহাটৰ পৰা দুজনক, লখিমপুৰৰ পৰা তিনিজনক, গুৱাহাটীৰ পৰা দুজনক, নগাঁৱৰ পৰা এজনক, নলবাৰীৰ পৰা এজনক আৰু তামুলপুৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰে। মুঠ ১৫ জন লোকৰ ভিতৰত তিনিগৰাকী মহিলা আছে। তেওঁলোকক অধিক জেৰা আৰু বোমা সংস্থাপনৰ আঁৰৰ ষড়যন্ত্ৰ উদঘাটনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

%20(3).jpeg)
0 Comments:
Post a Comment