পানী যোগানৰ দাবীত গুৱাহাটীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ
গুৱাহাটী,১৯ নৱেম্বৰ : মহানগৰীত পানী যোগান ধৰাত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত জল বোৰ্ডৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টী চমুকৈ আপে গুৱাহাটী মহানগৰীৰ চানমাৰিত বিক্ষোভ প্ৰদৰ্শন কৰে। চানমাৰিত আপৰ নেতৃত্বত সাব্যস্ত প্ৰতিবাদ কৰি খোৱাপানীৰ যোগানত চৰকাৰৰ ব্যৰ্থতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। আপৰ নেতৃ অনুৰূপা ডেকাৰজা আৰু ৰুদ্ৰাংকুৰ হাজৰিকাৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে কয় যে জল বোৰ্ডৰ ব্যৰ্থতাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এফালে পানীৰ হাহাকাৰ আৰু আনফালে ঠায়ে ঠায়ে পানীৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছে।

0 Comments:
Post a Comment