খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ আশ্বাস মন্ত্ৰী হাজৰীকাৰ, পৰিদৰ্শন খহনীয়া প্ৰভাৱিত এলেকা



নিউজ ডেক্স,৩০ ডিচেম্বৰ : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আমবাৰী আৰু ঢলুৱামাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় । উল্লেখ্য যে এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে প্ৰায় ৬ কোটি টকাৰ প্ৰকল্প সাজু কৰি তুলিছে । আজি খহনীয়াগ্ৰস্ত অঞ্চলটো নাৱেৰে পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ অধীনত দুই এদিনতে কাম আৰম্ভ কৰা হ'ব । পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাতত কয় যে পাৰ্কুপাইন আৰু বাঁহৰ সহায়েৰে আমবাৰীত ১৫০০ মিটাৰ আৰু ঢলুৱামাৰীত ১৫০০ মিটাৰ দৈৰ্ঘ্য সামৰি খহনীয়া প্ৰতিৰোধী কাম কৰাৰ পাছত ভৱিষ্যতে প্ৰায় ডেৰ লাখ বিঘা কৃষিভূমি নৈৰ বুকুৰ পৰা উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ ফকিৰগঞ্জত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰে । অঞ্চলটোত এচিয়ান ডেভেলপমেন্ট বেংকৰ পুঁজিৰে প্ৰায় ৭.৫ কিল'মিটাৰ দৈৰ্ঘ্য সামৰি খহনীয়া প্ৰতিৰোধৰ বাবে পৰৱৰ্তী পৰ্যায়ত স্থায়ী কাম কৰা হ'ব । আজি পৰিদৰ্শনকালত জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰি কয় যে অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ বিভাগে শীঘ্ৰে জৰুৰীকালীন কিছু ব্যৱস্থা হাতত ল'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment