ভাৰতৰ চহকী লোক পৰম্পৰাগত কলা-সংস্কৃতিৰে মুখৰ শিল্পগ্ৰাম


গুৱাহাটী,১৯ জানুৱাৰী : ২০ সংখ্যক শিল্পগ্ৰাম মহোৎসৱ-২০২৫ত সমাহাৰ ঘটিছে ভাৰতৰ চহকী লোক পৰম্পৰাগত সংগীত-নৃত্য, নাটকৰ। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা ২১ জানুৱাৰীলৈ ২০২৫ লৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত শিল্পগ্ৰাম মহোৎসৱ অনুষ্ঠিত হৈছে।  এই মহোৎসৱ বাৰেৰহনীয়া লোক পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীত-নৃত্য সমাহাৰে এখন ক্ষুদ্ৰ ভাৰতলৈ পৰিণত হৈছে। এন ই জেড চি চিৰ সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে সংৰচনা কৰা এঘন্টীয়া এক নৃত্যানুষ্ঠানত মণিপুৰৰ বসন্ত ৰাস, অসমৰ শাস্ত্ৰীয় সত্ৰীয়া নৃত্য, ত্ৰিপুৰাৰ হোজাগিৰি, তেলেংগানাৰ মাথুৰী, নাগালেণ্ডৰ আনঝান্টা, অসমৰ দাওশ্ৰী দেলাই, পঞ্জাৱৰ জিন্দুৱা-ভাংৰা, অৰুণাচল প্ৰদেশৰ ৰিখামপাদা আৰু জু-জু-জা-জা, গুজৰাটৰ তলৱাৰ ৰাস, মিজোৰামৰ চেৰৌ, মধ্যপ্ৰদেশৰ বাধাই, মেঘালয়ৰ ৱাংগালা, হাৰিয়ানাৰ ফাগ, অসমৰ বিহুনাচ, ওড়িশাৰ সম্বলপুৰী নৃত্য, ছিকিমৰ সিংঘী ছাম, মণিপুৰৰ পৰা অহা শিল্পীৰ দলে চেৰ'ল জাগৈ আৰু থাংটা নৃত্য পৰিৱেশনেৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। ইফালে কন কন ছাত্ৰ ছাত্ৰীৰ অভিনয়, না‌চৰ ওপৰিও নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ সাংস্কৃতিক মঞ্চৰ শিল্পীসকলে মহাপুৰুষীয়া ভাওনা পৰিৱেশন কৰে। সীতা হৰণ বালি বধ ভাওনাই দৰ্শকক বিপুল আনন্দ দিবলৈ সক্ষম হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment