গুৱাহাটীৰ উভয় আই পি এল মেচৰ অফলাইন টিকট কাউণ্টাৰ মুকলি


গুৱাহাটী,১৮ মাৰ্চ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচ দুখনৰ অফলাইন টিকট আজিৰে পৰা ক্ৰিকেটপ্ৰেমীৰ বাবে মুকলি কৰি দিয়া হৈছে। গুৱাহাটীৰ লালগনেশৰ আস্থা একাডেমীত ক্ৰিকেটপ্ৰেমীৰ বাবে অফলাইনৰ টিকট কাউণ্টাৰ মুকলি কৰিছে ৰাজস্থান ৰয়েলছে। অহা ২৩ মাৰ্চৰ দিনটো বাদ দি উভয় মেচৰ টিকট জমা থকালৈকে এই কাউণ্টাৰ মুকলি থাকিব। প্ৰতিদিনে পুৱা দহ বজাৰ পৰা কাউণ্টাৰত টিকট বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে প্ৰথমে কেবল ছাত্ৰ-ছাত্ৰীৰ বাবে এই টিকট কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও অনলাইনত টিকট ক্ৰয় কৰাত অসুবিধা পোৱা ক্ৰীড়ানুৰাগীৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই ৰাজস্থান ৰয়েলছ দলে উক্ত কাউণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকটৰ লগতে অন্য টিকটো দৰ্শকক দিয়াৰ ব্যৱস্থা কৰিছে। আজিৰে পৰা সকলোৱে গুৱাহাটীৰ উভয় মেচৰ টিকট এই কাউণ্টাৰৰ পৰা ক্ৰয় কৰিব পাৰিব। অৱশ্যে কমসংখ্যক টিকটহে বিক্ৰী হ’বলৈ বাকী আছে। আজি প্ৰথমদিনাই পুৱতি নিশাৰ পৰাই টিকট ক্ৰয়ৰ বাবে কাউণ্টাৰত অনুৰাগীয়ে ভিৰ কৰে। কাউণ্টাৰত সকলোকে এটাকৈ টিকট দিয়া হৈছে। উল্লেখ্য যে এই টিকট ক্ৰয় কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ সঠিক প্ৰমান প্ৰত্ৰ দেখুৱাব লাগিব৷ টিকটৰ মূল্য পাঁচশ টকা৷ ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এল দল যিয়ে ছাত্ৰ-ছাত্ৰীক কম মূল্যত বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ দলে গুৱাহাটীৰ লগতে জয়পুৰত খেলিব লগা আটাইকেইখন গৃহ মেচতে ছাত্ৰ-ছাত্ৰীক বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ শিক্ষাৰ্থীয়ে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচৰ লগতে এ চি এ ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰো টিকট ক্ৰয় কৰিব পাৰিব৷ ইফালে সাধাৰণ দৰ্শকে টিকট কাউণ্টাৰত ২৪০০ টকা মূল্যৰ টিকট ল’ব পাৰিব৷ অন্য মূল্যৰ টিকট অনলাইনত বুক মাই শ্ব’ত ক্ৰয় কৰিব লাগিব৷ অহা ৩০ মাৰ্চৰ চি এছ কে আৰু আৰ আৰ দলৰ মেচখনৰ অন্তিম পৰ্যায়ৰ টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ যিসকল দৰ্শকে এই মেচখন উপভোগ কৰাৰ আশা কৰিছে এয়াই হ’ব টিকট ক্ৰয়ৰ অন্তিম সুযোগ৷ অৱশ্যে আই পি এল উপভোগ কৰিব বিচৰা গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে দ্বিতীয় মেচখনৰ টিকটৰ পৰা বঞ্চিত হ’লেও অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷ বুক মাই শ্ব’ত এই মেচৰ প্ৰায় আঠ হেজাৰ টিকট এতিয়াও আছে৷ লগতে জিলাৰ পৰা বিক্ৰী নহোৱাকৈ ঘুৰি অহা টিকট গুৱাহাটীৰ কাউণ্টাৰত উপলদ্ধ হ’ব৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment