স্থানীয় বিধায়কসকলৰ উপস্থিতিত ৰাজ্যৰ ছখন জিলাৰ স্বাস্থ্যখণ্ডৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ


গুৱাহাটী,৫ মাৰ্চ : জনপ্ৰতিনিধিসকলৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ স্বাস্থ্য আন্তঃগাঁথনিৰ চৰজমিন বুজ লোৱাৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে হাতত লোৱা বিশেষ পদক্ষেপৰ অধীনত আজি প্ৰথমদিনা জনতা ভৱনত ৰাজ্যৰ ছখন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু হোজাই জিলাৰ স্বাস্থ্যখণ্ডৰ বিতং পৰ্যালোচনা কৰা হয়। এই উদ্দেশ্যে আয়োজিত তিনিখন সুকীয়া সুকীয়া বৈঠকত সংশ্লিষ্ট জিলাকেইখনৰ অধীনৰ বিধানসভা সমষ্টিসমূহৰ প্ৰায়সকল বিধায়কেই উপস্থিত থকাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব বৰ্ণালী শৰ্মা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অভিযান সঞ্চালক ডঃ লক্ষ্মণন এছ, কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ চৌধুৰী আৰু অন্যান্য বিষয়াসকল তথা স্বাস্থ্যসেৱা সঞ্চালক ডাঃ উমেশ ফাংছ’কে ধৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আনহাতে সংশ্লিষ্ট জিলা আয়ুক্ত, সমজিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য), স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি বিষয়া, মেডিকেল কলেজৰ অধ্যক্ষ, অধীক্ষকসকল তথা জিলাস্তৰীয় অন্যান্য বিষয়াসকলে ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে। বৈঠকত স্থানীয় বিধায়কসকলে নিজ নিজ সমষ্টিৰ অধীনৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনিগত সমস্যা, চিকিৎসক, নাৰ্চ, আৰু পেৰামেডিকেল কৰ্মচাৰীৰ নাটনি, চিকিৎসা সঁজুলিৰ অভাৱ আদি বিভিন্ন দিশ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীক অৱগত কৰে আৰু সেই অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে মন্ত্ৰী সিংহলে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। আনহাতে বৈঠকলানিত জিলাসমূহত ৰূপায়িত বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি, বিভিন্ন স্বাস্থ্য সূচকৰ প্ৰদৰ্শন আদিৰো পৰ্যালোচনা কৰা হয়। তাৰ ভিতৰত মূলতঃ প্ৰসূতি আৰু নৱজাতকৰ স্বাস্থ্য প্ৰযত্ন, প্ৰাতিষ্ঠানিক আৰু ঘৰত হোৱা প্ৰসৱ, কম ওজনৰ শিশুৰ জন্ম, গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা, চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰিৰ ক্ষতিপূৰণ, টীকাকৰণ, অসংক্ৰামক ৰোগৰ পৰীক্ষা, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী আদিৰ পৰ্যালোচনা কৰি আকাংক্ষিত ফলাফল প্ৰদৰ্শন নকৰা সূচকসমূহৰ প্ৰদৰ্শন উন্নতকৰণৰ বাবে হাতত লবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত প্ৰতি মাহতে অন্ততঃ এবাৰ বিধানসভা সমষ্টিৰ পৰ্যায়ত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিবলৈ মন্ত্ৰী সিংহলে বিধায়কসকলক আহ্বান জনায়। আনহাতে ৰাজ্যৰ সকলো স্বাস্থ্য প্ৰতিষ্ঠানতে অহা ৭ৰ পৰা ১৪ মাৰ্চলৈ হাতত লোৱা সপ্তাহজোৰা স্বচ্ছতা অভিযানত হাতে-কামে অংশগ্ৰহণ কৰিবলৈও তেওঁ স্থানীয় বিধায়কসকললৈ আহ্বান জনায়। বিধায়কসকল তথা জিলা আয়ুক্ত, সমজিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য)আদিয়ে যোগাযোগ কৰিব পৰাকৈ তথা তেওঁলোকে বিচৰা স্বাস্থ্য বিভাগৰ যিকোনো তথ্য থিতাতে পাব পৰাকৈ এক বিশেষ হেল্পলাইন আৰম্ভ কৰিবলৈও আজি তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক নিৰ্দেশ দিয়ে। বৈঠকত জোনাইৰ বিধায়ক ভূৱন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে, বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, হোজাইৰ ৰামকৃষ্ণ ঘোষ আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment