গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক সম্বৰ্ধনা মহাৰাণা এথলেটিক ক্লাৱৰ
গুৱাহাটী, ১১ মাৰ্চ : গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক আজি গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত মহাৰাণা এথেলেটিক ক্লাৱৰ এটা সজাতি দলে সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ পাছত আজি প্ৰথম বাৰৰ বাবে মহাৰাণা এথেলেটিক ক্লাৱৰ তৰফৰ পৰা পাৰ্থ সাৰথি মহন্ত সম্বৰ্ধনা জনোৱা হয়। মহাৰাণা ক্লাৱৰ সজাতি দলটোত আছিল ক্লাৱৰ সভাপতি ৰাণাপ্ৰতাপ বৰদলৈ, সাধাৰণ সম্পাদক দীপজ্যোতি বৰুৱা, উপ সভাপতি গোপাল জালান, যুটীয়া সম্পাদক দেৱজিৎ গোস্বামী আৰু কাৰ্যবাহী সদস্য অমিয় কলিতা। উল্লেখ্য যে শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত মহাৰাণা এথলেটিক ক্লাৱৰ আছে এক দীঘলীয়া ইতিহাস। যি ইতিহাসে অসমৰ ক্ৰীড়াৰ ক্ষেত্রখনক উজ্বলাই ৰাখিছে। মহাৰাণা ক্লাৱৰ ইতিহাস যি জানে, তেওঁহে অনুভৱ কৰিব পাৰে এই ক্লাৱৰ অৰিহণা কিমান। এদিন ভাৰতৰ ফুটবল ক্ষেত্ৰক শাসন কৰা খেলুৱৈজন আছিল এই ক্লাৱৰে। ভাৰতীয় ফুটবলৰ পেলে ৰূপে যদি কাৰোবাক খ্যাতি দিবলগা হয় তেন্তে সেই খেলুৱৈজনক জন্ম দিয়া ক্লাৱ আছিল এইটো। সেই টি আওৰ দৰে খেলুৱৈয়ে খেলা এইটো মহাৰাণা ক্লাৱ। ইতিহাস কেতিয়াও সলনি নহয়। ভাৰতৰ ফুটবলৰ ইতিহাসতো মহাৰাণা ক্লাৱৰ নাম টি আওৰ দৰে খেলুৱৈ সকলৰ বাবেই এবাৰলৈ হ'লেও উচ্চাৰণ কৰিবই লাগিব।

0 Comments:
Post a Comment