বিজেপি ত্যাগ বিনন্দ শইকীয়াৰ আৰু অগপ ত্যাগ সত্যব্ৰত কলিতাৰ
গুৱাহাটী,৩ ছেপ্টেম্বৰ : বিজেপি ত্যাগ কৰিলে ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে কংগ্ৰেছ ত্যাগ কৰি বিনন্দ শইকীয়াই বিজেপিত যোগ দিছিল। বিজেপি ত্যাগ কৰা বিনন্দ শইকীয়াই পুনৰ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যমৰ আগত বিজেপি ত্যাগ কৰা সন্দৰ্ভত বিনন্দ শইকীয়াই কয়, "২০২১ চনৰ বিধানসভা নিৰ্বাচনত মোক কিয় টিকট বঞ্চিত কৰিলে মই নাজানিলো। বিগত দিন সমূহে বিজেপি দলে সম্পূৰ্ণ এলাগী কৰিলে। বিজেপিৰ ৰাজনীতি বৰ্তমানলৈ যি পৰ্য্যায়লৈ আহিল ইয়াত আৰু থকা সম্ভৱ নহয়। সম্প্ৰীতিৰ সমাজখন বিজেপিয়ে ধ্বংস কৰিছে। সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়া হৈছে। বিজেপিত এতিয়া ব্যক্তিবাদ বেছি। যাৰ বাবে আজি মই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিলোঁ। ২৬ৰ বিধানসভা নিৰ্বাচনত মই প্ৰতিদ্বন্দিতা কৰাটো ৰাইজে বিচাৰিছে।" আজি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ তেওঁ নিজৰ দল ত্যাগৰ পত্র প্ৰেৰণ কৰে। ইফালে দীৰ্ঘদিন ধৰি চলি অহা চৰ্চাৰ পাছতে আজি অৱশেষত অগপ ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। আজি তেওঁ নিজৰ পদত্যাগ পত্র অগপৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰে। সত্যব্ৰত কলিতা কমলপুৰ সমষ্টিৰ অগপৰ বিধায়ক আছিল। যোৱাটো বিধানসভা নিৰ্বাচনত অগপ নেতৃত্বই সত্যব্ৰত কলিতাক বঞ্চিত কৰি মিত্ৰদল বিজেপিক কমলপুৰ সমষ্টি এৰি দিছিল। কলমপুৰ সমষ্টিৰ পৰা বিজেপিৰ বিধায়কৰূপে জয়লাভ কৰি আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একান্ত অনুগত বুলি পৰিচিত দিগন্ত কলিতা। সেয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত সত্যব্ৰত কলিতাই আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অগপ ত্যাগ কৰে। সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদ দলতো যোগদান কৰিব পাৰে বুলি চৰ্চা চলিছে। কোন দলত যোগদান কৰে সেয়া সময়েহে ক'ব।

0 Comments:
Post a Comment