গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ, ২৩৭০ গৰাকীক সেৱা প্ৰদান

গুৱাহাটী,১৬ অক্টোবৰ : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। সেই আঁচনিৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ সহযোগত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বৃহৎ স্বাস্থ্য শিবিৰৰ শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে। উদ্বোধনী সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ মূল লক্ষ্য হৈছে “স্বাস্থ্যবান অসম, স্বাস্থ্যবান সমাজ” গঢ়ি ৰাজ‍্যৰ প্ৰতিটো পৰিয়ালকে স্বাস্থ‍্যবান কৰি তোলা। ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিত আয়োজন কৰা এই স্বাস্থ্য শিবিৰসমূহৰ জৰিয়তে ১৮ বছৰৰ তলৰ শিশু, কিশোৰ-কিশোৰী আৰু যুৱ সমাজক স্বাস্থ্য পৰীক্ষাৰ কৰি সকলো জনসাধাৰণক উপকৃত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। এই শিবিৰসমূহত শিশু ৰোগ, দন্ত ৰোগ, কান-নাক-ডিঙি, চকু, স্নায়ু, হৃদৰোগ, চৰ্ম ৰোগ, শিশুৰ বিকাশজনিত বিলম্ব আদি ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হৈছে বুলি জনাই মন্ত্ৰী গৰাকীয়ে অভিভাৱকসকলক নিজৰ সন্তানক স্বাস্থ্য পৰীক্ষাৰ বাবে শিবিৰলৈ পঠিয়াবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই শিবিৰসমূহত চিনাক্ত হোৱা জটিল ৰোগীসকলক পৰবৰ্তী চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে অন্য চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হব, আৰু প্ৰয়োজন অনুসৰি অসমৰ বাহিৰতো উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হব। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনাই কয় যে শিবিৰসমূহে স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাত, সঠিক পুষ্টিকৰ আহাৰ গ্ৰহণত, লগতে যোগাভ্যাস আৰু সামগ্ৰিক স্বাস্থ্যসেৱা প্ৰতি সচেতনতা বৃদ্ধি কৰিবলৈ সহায় কৰিব। তেওঁ কামৰূপ মহানগৰ জিলাৰ আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত যোগ প্ৰশিক্ষকৰ দ্বাৰা নিয়মিত যোগাভ্যাসৰ ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। তেওঁ উল্লেখ কৰে যে এই স্বাস্থ্য শিবিৰসমূহত বিনামূলীয়াকৈ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উপৰি বিশেষজ্ঞ চিকিৎসকৰ সৈতে যথেষ্ট সংখ্যক চিকিৎসক উপস্থিত থাকি জনসাধাৰণক চিকিৎসা সেৱা প্ৰদান কৰি আছে। ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুস্বাস্থ্য নিশ্চিত কৰিবলৈ সদা-সচেষ্ট বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে আজিৰ শিবিৰত পঞ্জীয়ন কেন্দ্ৰ আৰু বিভিন্ন ৰোগৰ বাবে সুকীয়াকৈ ব্যৱস্থা কৰা বহিঃবিভাগসমূহ পৰিদৰ্শণ কৰাৰ উপৰি চিকিৎসা লাভ কৰিবলৈ অহা কিশোৰ-কিশোৰীৰ সৈতে মত বিনিময় কৰে। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অপূৰ্ৱ কৃষ্ণ শৰ্মা, উপ-পৌৰপতি, ৱাৰ্ড কাউন্সিলাৰ আৰু বিভাগীয় বিষয়া-বক্তাসকল উপস্থিত থাকে। উল্লেখযোগ্য যে আজি অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰত মুঠ ২৩৭০ গৰাকী শিশু, কিশোৰ, কিশোৰীয়ে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা লাভ কৰে। ইয়াৰে ২০৯ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment