জুবিন ক্ষেত্ৰত সাম্প্ৰদায়িক ৰাজনৈতিক এজেণ্ডা মেলি দিয়াৰ আঁৰত বিজেপি : অজাপ


গুৱাহাটী,২৩ অক্টোবৰ : জুবিন ক্ষেত্ৰত শ্লোগান দি পৰিৱেশ কলংকিত কৰা ঘটনাৰ আঁৰত আছে বিজেপি। এই বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ। আজি এখন সংবাদ মেলৰ আয়োজন কৰি দলটোৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে উক্ত গৰ্হিত ঘটনাটোৰ সৈতে বিজেপিৰ সম্পৰ্ক থকাৰ তথ্য-প্ৰমাণ দাখিল কৰি কয় যে বিজেপিয়ে নিজৰ এজেন্টৰ জৰিয়তে দুষ্কাৰ্য্য সংঘটিত কৰে আৰু পিছত সেই ঘটনাৰ প্ৰতিবাদ কৰাৰ নামত নেতিবাচক ৰাজনীতি কৰে। এয়া বিজেপিৰ পুৰণি ৰাজনৈতিক কৌশল। এইবাৰ সেই কৌশল ধৰা পৰি গৈছে। দলটোৱে ৰাজ্যত পুনৰ এক সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক মোনাফা লুটাৰ অপচেষ্টাত লিপ্ত হোৱা বুলি নেতাগৰাকীয়ে অভিযোগ কৰে। উল্লেখ্য যে যোৱা ২১ অক্টোবৰ মঙলবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত কেইজনমান লোকে চৰকাৰ বিৰোধী শ্লোগান দি এক উত্তপ্ত আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি কৰিছিল। যিকেইজন লোকে তেনে পৰিৱেশৰ সৃষ্টি কৰিছিল, তাৰ ভিতৰত টুপি পিন্ধা লোক আৰু মুৰত কাপোৰ লোৱা মহিলাকো দেখা গৈছিল যাৰ পৰা এইটো ধাৰণা কৰিব পৰা যায় যে উক্ত দুষ্কাৰ্য্য মূলতঃ ইছলাম ধৰ্মাৱলম্বী লোকে সংঘটিত কৰিছিল। তাৰ পিছত বুধবাৰে বিজেপি দলে আনুষ্ঠানিকভাৱে সংবাদ মেলৰ আয়োজন কৰি উক্ত ঘটনাক গৰিহণা দিয়াই নহয় সংবাদ মেলখনত বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে এইবুলি মত প্ৰকাশ কৰিছিল যে কিছুমান মিঞাই ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি ঠাইখনক অপৱিত্ৰ কৰি পেলাইছে। মন্ত্ৰী বিমল বৰাকে ধৰি বিজেপিৰ কেইবাগৰাকী নেতাৰ লগতে আন বহু লোকে উক্ত ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনোবাই স্পষ্টকৈ আৰু কোনোবাই আওপকীয়াকৈ এইবুলি কৈছিল যে জুবিনৰ ন্যায়ৰ দাবীত মূলতঃ ইছলাম ধৰ্মাৱলম্বীসকলহে সৰৱ হৈ আছে আৰু এই সন্দৰ্ভত এওঁলোকৰ এক বিশেষ উদ্দেশ্যে আছে। 

আজি অসম জাতীয় পৰিষদৰ সংবাদ মেলত দলটোৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে কিছুমান ফটো আৰু ভিডিঅ' প্ৰদৰ্শন কৰি কয় যে সিদিনা জুবিন ক্ষেত্ৰত যিকেইজন লোকে শ্লোগান দিছিল, তাৰ ভিতৰত আমছু (খিলঞ্জীয়া) নামৰ সংগঠনটোৰ কেইজনমান নেতা আছিল। তাৰে এজন সংগঠনটোৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক বাবুল আলী হাজৰিকা। তেওঁৰ সৈতে সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ সম্পৰ্ক। সন্মুখত থিয় হৈ শ্লোগান দিয়া আন এজনৰ নাম তৌফিল আহমেদ ওৰফে পাপু। তেওঁ আমছু (খিলঞ্জীয়া)ৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক। আমছু (খিলঞ্জীয়া) ৰ নেতাসকলৰ সৈতে বিধায়ক বিশ্বজিৎ ফুকনৰ অতি ঘনিষ্ঠ সম্পৰ্ক। ২০২৩ চনৰ ৭ জানুৱাৰীত গোলাঘাটৰ সতী সাধনী ক্ষেত্ৰত অনুষ্ঠিত হোৱা সংগঠনটোৰ জাতীয় অভিৱৰ্তনত বিধায়ক ফুকন এগৰাকী অতিথি হিচাপে উপস্থিত আছিল। সংগঠনটোৰ নেতাসকলে ইতিপূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক একাধিকবাৰ সাক্ষাৎ কৰিছিল আৰু প্ৰতিটো সাক্ষাতৰ সময়ত বিধায়ক ফুকন উপস্থিত আছিল।

সংবাদমেলত ৰহমানে তেওঁৰ প্ৰতিটো বক্তব্যৰ সমৰ্থনত ফটো আৰু ভিডিঅ' প্ৰদৰ্শন কৰে। উক্ত ফটো আৰু ভিডিঅসমূহত বিধায়ক বিশ্বজিৎ ফুকন আমছু (খিলঞ্জীয়া)ৰ অভিৱৰ্তনত উপস্থিত থকা, সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক বাবুল আলী হাজৰিকাসহ কেইবাগৰাকী নেতাই বিধায়ক ফুকনৰ উপস্থিতিত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাসহ অন্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ ছবি স্পষ্ট আছে। উল্লিখিত তথ্যখিনি প্ৰদৰ্শন কৰি জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে জুবিনৰ ন্যায়ৰ প্ৰসংগটোক সাম্প্ৰদায়িক ৰহন সনাৰ উদ্দেশ্যে বিজেপি দলৰ নেতৃস্থানীয় ব্যক্তিয়ে পূৰ্ব পৰিকল্পিতভাৱে সিদিনাৰ নাটকখন মঞ্চস্থ কৰাটো এই তথ্যখিনিৰ দ্বাৰাই প্ৰমাণ হয়। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে জুবিনক ন্যায় প্ৰদান কৰিব খোজা নাই, এই কথা ইতিমধ্যে স্পষ্ট হৈছে। এইবাৰ তেওঁলোকে বিষয়টো সাম্প্ৰদায়িকৰণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোকে দিক-বিভ্ৰান্ত কৰিবলৈ বিচৰাটোও প্ৰমাণ হ'ল। তেওঁৰ মতে, বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ অপ্ৰিয়পাত্ৰ হৈছে, পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকৰ পৰাজয় নিশ্চিত হৈছে; আৰু সেয়ে উপায় বিচাৰি নাপাই বিজেপিৰ নেতাসকলে উৱাদিহ নাপাই চাৰিওফালে ঢপলিয়াই ফুৰিছে। ইতিমধ্যে বিটিচি নিৰ্বাচনত বেয়াকৈ মুখথেকেছা খোৱা বিজেপিয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনতো কিছুমান ৰজাঘৰীয়া সাংবাদিকক পৃষ্ঠপোষকতা আগবঢ়াই প্ৰেছ ক্লাবটোকে দখললৈ নিব বিচাৰিছিল যদিও কালি হৈ যোৱা নিৰ্বাচনত তেওঁলোকে বেয়াকৈ মুখথেকেছা খালে। মুঠতে বিজেপিৰ বেয়া দিন আৰম্ভ হৈ গ'ল। জুবিন গাৰ্গৰ দৰে পুন্যাত্মাক লৈ নেতিবাচক ৰাজনীতি কৰাৰ ফল বিজেপিয়ে হাতে হাতে পাব বুলি উল্লেখ কৰি ৰহমানে তেনে দুষ্কাৰ্য্যত লিপ্ত নহ'বলৈ সকলো পক্ষক আহ্বান জনায়। দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ সংবাদ মেলত দলৰ আন এগৰাকী সম্পাদক গিৰীন তালুকদাৰ উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment