গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সভাপতি, মন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ : দিলীপ শইকীয়াৰ পুত্তলিকা দাহ


গুৱাহাটী,২৭ নৱেম্বৰঃ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই চৰকাৰী মাটি দিয়াৰ নামত কৰা ১০ কোটি টকাৰ কেলেংকাৰী আৰু মন্ত্ৰী অশোক সিংহালে নিজৰ পত্নীৰ নামত ঢেকীয়াজুলি চহৰত মহিলা সমিতিৰ নামত থকা মাটি আৰু জুবিন ক্ষেত্ৰৰ কাষৰীয়া মাটি দখল কৰাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে আজি গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতিকৃতি দাহ কৰে। মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল, সম্পাদক শান্তনু বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰফেশ্যনেল কংগ্ৰেছৰ অধ্যক্ষ ৰিমঝিম বৰা, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী অনামিকা বড়ো স্বৰ্গীয়াৰীৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বিজেপিৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহে। আৰক্ষী প্ৰশাসনে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ৰাজপথতে কংগ্ৰেছ নেতা-কৰ্মীসকলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতিকৃতি দাহ কৰে। ইফালে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আজি তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, গোলাঘাট জিলাক সামৰি যোৰহাটত এক দলীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত এই সভাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰ'জলিনা তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ঘন বুঢ়াগোহাঁই, প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী মীনা তেলী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাথ চেত্ৰী, শুভমিত্ৰ গগৈ, ছৰিফুৰ ৰহমান, সুশীল সুৰি, শৈলেন সোণোৱাল, দেৱ চেতিয়া, সম্পাদক বাণী হাজৰিকা, অভিনাশ গগৈ, জুলু চেতিয়া, ধ্ৰুৱজ্যোতি গগৈ, জিতু কলিতা, আব্দুৰ ৰহমান, অজয় তাঁতী, পলী হাজৰিকাকে প্ৰমুখ্য জিলা সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকে।


কংগ্ৰেছৰ মুখপাত্ৰক গ্ৰেপ্তাৰৰ প্ৰতিবাদ


প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাজু চাহু, উপেন ৰাজনাথ, সামাজিক মাধ্যম বিভাগৰ মাজুলী জিলাৰ অধ্যক্ষ জীৱেশ্বৰ গাম আৰু সামাজিক মাধ্যম বিভাগৰ শ্বাহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা বাবে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কেইজনক গ্ৰেপ্তাৰ কৰি বাক স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে বুলি উল্লেখ কৰি বৰাই কয় যে ৰাজ্য চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰোলাৰৰ চালকৰ আসনত বহুৱাই বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু বিধায়ক অখিল গগৈক খুন্দিয়াবলৈ খেদি ফুৰা দৃশ্য ভাইৰেল কৰিলে আৰক্ষীৰ চকুত কিয় নপৰে বুলি প্ৰশ্ন কৰে। আইন সকলোৰে বাবে সমান হ’ব লাগে বুলি উল্লেখ কৰি বৰাই কয় যে বিৰোধী পক্ষক ভয় খুৱাবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে সকলো মাধ্যমক ব্যৱহাৰ কৰি আহিছে। এয়া গণতন্ত্ৰৰ বাবে ভ্ৰুকুটি বুলি উল্লেখ কৰি বৰাই কয় যে হিটলাৰী শাসন ব্যৱস্থাৰ ফলশ্ৰুতি কি সেয়া ইতিহাসৰ পাতত লিপিৱদ্ধ আছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment