লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত সৰৱ সাংসদ গৌৰৱ গগৈ

গুৱাহাটী,৪ ডিচেম্বৰ : "অসমত টোলগেট স্থাপন হৈছে, কিন্তু ভিন্ন প্ৰান্তত বহু দুৰত্বলৈ পথৰ মানদণ্ড অনুন্নত।" - এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত বৃহস্পতিবাৰে লোকসভাত এইদৰে কয় সাংসদ গৌৰৱ গগৈয়ে। যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাক লৈ ক্ষোভ প্ৰকাশ কংগ্ৰেছ সাংসদগৰাকীৰ। NHIDCLক শীঘ্ৰে কাম সমাপন কৰিবলৈ পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক নিৰ্দেশ দিবলৈ আহ্বান গৌৰৱ গগৈৰ। তেওঁ কয় যে অসমৰ বাট-পথসমূহৰ অৱস্থা অতি শোচনীয়। সেয়ে গাড়ী-মটৰ চলোৱাটো বৰ কষ্টকৰ হৈ পৰিছে। অসমৰ ৰাইজে বুজি পোৱা নাই, তেওঁলোকে কিয় টোল টেক্স দি আছে। যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজৰ দূৰত্ব যথেষ্ট বেছি আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাইত পথটোৰ অৱস্থা অতি বেয়া। এই সমস্যা সমাধানৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনাই গৌৰৱ গগৈয়ে।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment