মুখ্যমন্ত্রীক যিমানেই সমালোচনা কৰিব সিমানেই আসন বাঢ়িব বিজেপিৰ : কংগ্ৰেছ নেতা পৱন খেড়াৰ অভিযোগৰ প্ৰত্যুত্তৰ ৰাজ্যিক বিজেপিৰ


গুৱাহাটী,১২ মাৰ্চ : কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা তথা এ আই চি চিৰ মিডিয়া আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেড়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনা অভিযোগক অমূলক আৰু ভিত্তিহীন আখ্যা দিছে ৰাজ্যিক বিজেপিয়ে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীৰ অভিযোগৰ প্ৰত্যুত্তৰ দি বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক মুখপাত্র কমল কুমাৰ মেধিয়ে কয়, "কংগ্রেছে যিমানেই অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক সমালোচনা কৰিব, সিমানেই অসমত বিজেপিৰ আসন বাঢ়িব। ২০২৪ চনৰ লোকসভা নির্বাচনৰ সময়তো এই একেগৰাকী কংগ্ৰেছ নেতা পৱন খেড়াই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক একেধৰণেই সমালোচনা কৰিছিল। সেই সমালোচনাৰ ফলাফল ৰাইজে দেখিছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৯ খন আসন পোৱা বিজেপিয়ে ২০২৪ চনত ১১ খন আসন পাবলৈ সক্ষম হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে যে অসমৰ মানুহে গ্রহণ নকৰে। বিধানসভা নির্বাচন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী দলসমূহ যিমানেই আক্রমণাত্মক হ'ব, তাৰ সমুচিত প্রত্যুত্তৰ ৰাইজে ভোটৰ জৰিয়তে নিৰ্বাচনত প্রদান কৰিব। ইতিমধ্যে 'জন আশীর্বাদ যাত্ৰা'ৰ জৰিয়তে অসমৰ ৰাইজে তাৰ স্পষ্ট ইংগিত দিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে আৰম্ভ কৰা প্ৰতিটো যাত্রাই চূড়ান্ত ফ্লপ শ্ব'ত পৰিণত হৈছে। কংগ্ৰেছে গ্ৰহণ কৰা 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' কাৰ্যসূচী অসমৰ ভোটাৰ ৰাইজৰ পদূলিত গৈ উপস্থিত হ'বই নোৱাৰিলে। 'পৰিৱৰ্তন যাত্রা' নামেৰে আৰম্ভ কৰা কংগ্ৰেছৰ যাত্ৰা চলি আছে নে সামৰণি পৰিল, তাৰ কোনো খবৰেই ৰাইজে নাপালে। কংগ্ৰেছৰ প্রতিটো কার্যসূচীকে এনেদৰে অসমৰ ৰাইজে প্রত্যাখ্যান কৰিছে।"

তেওঁ লগতে কয়, "বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৪২ গৰাকীকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ দহ দিন উকলি গ'ল। ঘোষিত কোনো প্রার্থীয়েই এতিয়ালৈকে ৰাইজৰ ওচৰ চাপিব পৰা নাই। সভা-সমিতি পাতিব পৰা নাই। খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ মানুহৰ বসতি থকা কোনো ঠাইতেই কংগ্রেছক ৰাইজে গ্রহণ কৰা নাই। কেৱল মিঞা মুছলমান বসতি থকা নির্দিষ্ট সমষ্টি কেইটাৰ বাদে বৰ্তমান অসমত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। তেনে পৰিস্থিতিত দিল্লীৰ পৰা অহা পৱন খেড়াৰ দৰে কংগ্ৰেছ নেতাৰ কথাত অসমৰ মানুহে কোনো গুৰুত্ব নিদিয়ে।"

কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, "জনতাৰ কৰ-কাটলৰ ধন কংগ্ৰেছৰ দিনত নেতা-পালিনেতাৰ জেপলৈ গৈছিল। কিছু নির্দিষ্ট লোক ধনী হৈছিল। চাৰিওফালে চৰকাৰী ধনৰ অবাধ লুণ্ঠন চলিছিল। এন ডি এ চৰকাৰৰ দিনত জনতাৰ কৰ-কাটলৰ ধন এতিয়া বিভিন্ন আঁচনিৰ জৰিয়তে প্রত্যক্ষভাৱে নাগৰিকৰ একাউন্টত সোমাইছে। এন ডি এ চৰকাৰৰ দিনত নেতা নহয়, চৰকাৰী ধনেৰে সাধাৰণ ৰাইজহে চহকী হৈছে। স্বাৱলম্বী হৈছে। ঘোচ নিদিয়াকৈ যোগ্যজনে চৰকাৰী চাকৰি পাইছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এনে স্বচ্ছ আৰু নিকা ব্যৱস্থা প্রতিষ্ঠা কৰাৰ কাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক হিয়া উজাৰি আশীৰ্বাদ দিছে। কিন্তু দুর্নীতি নির্মূলকৰণৰ এনে ব্যৱস্থা প্রতিষ্ঠা কৰাৰ কাৰণে অসন্তুষ্ট হৈছে কংগ্রেছ। অসন্তুষ্ট হৈছে পৱন খেড়া। কংগ্ৰেছৰ এনে অসন্তুষ্টয়েই বিজেপিৰ কাৰণে পৰম আশীৰ্বাদ।"

তেওঁ লগতে কয়, "অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গকলৈ আজিও ৰাইজ মর্মাহত হৈ থকাৰ সময়তে কংগ্ৰেছে শিল্পীগৰাকীক লৈ নিকৃষ্ট ৰাজনীতি কৰিবলৈ এৰা নাই। অমৰ শিল্পীগৰাকীৰ বাবে ৰাজ্য চৰকাৰে কৰিব পৰা সকলোখিনিয়েই কৰিছে আৰু অনাগত দিনতো শিল্পীগৰাকীৰ সত্বাক সজীৱ কৰি ৰাখিবলৈ বিভিন্ন পৰিকল্পনাৰ কথা চৰকাৰে ঘোষণা কৰিছে। বিৰোধীয়ে কেৱল জুবিন গাৰ্গক লৈ ৰাজনীতিহে কৰিছে।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment