গহপুৰৰ চিত্ৰকলাৰ শিক্ষানুষ্ঠান এম ডি আৰ্ট স্কুল আৰু অসমৰ চিত্ৰ ভাস্কৰ্য শিল্পীৰ সন্মিলিত মঞ্চ, "বাটৰ কেনভাচ অসম"ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সমাপ্তি


গহপুৰ,১৮ মাৰ্চ : গহপুৰ পৌৰ সভাৰ ৩নং ৱাৰ্ডৰ অন্তৰ্গত চতিয়াচুকৰ এম ডি আৰ্ট স্কুলৰ ১৫ মার্চৰ পৰা১৭ মার্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এম ডি আৰ্ট স্কুল আৰু "বাটৰ কেনভাচ অসম"ৰ ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিনা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ম চিত্ৰ ভাস্কৰ্য শিল্পী সকলৰ লগত এম ডি আৰ্ট স্কুলৰ শিক্ষাৰ্থী সকলৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিজ্ঞান শিক্ষক নৱদ্বীপ শইকীয়াই সঞ্চালনা কৰা বাৰ্তালাপ অনুষ্ঠানটোত এম ডি আৰ্ট স্কুলৰ শিক্ষাৰ্থী সকলৰ লগত মত বিনিময় কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ম চিত্ৰ ভাস্কৰ্য শিল্পী ননী বৰপুজাৰী, দিলীপ চন্দ্ৰ বৰুৱা, পৰেশ ভূঞা, অনুপ কুমাৰ ৰয়, হোমেন শইকীয়াকে ধৰি বহুকেইগৰাকী চিত্ৰ ভাস্কৰ্য শিল্পীয়ে। বাৰ্তালাপ অনুষ্ঠানৰ পিছতেই অসমৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজকৰ্মী, যুক্তিবাদী চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা ড° দিব্যজ্যোতি শইকীয়াই বক্তৃতা প্ৰদান কৰে। বক্তৃতা প্ৰদানৰ পুৰ্ৱে ড° দিব্যজ্যোতি শইকীয়াক এম ডি আৰ্ট স্কুল আৰু বাটৰ কেনভাচ অসমৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে এম ডি আৰ্ট স্কুলৰ অধ্যক্ষ তথা বাটৰ কেনভাচ অসমৰ মুখ্য সম্পাদক দিপন দিহিঙীয়া, উদযাপন সমিতিৰ সভাপতি ড° দুলেন বৰা আৰু ৰঙৰ পৃথিৱী স্মৰনিকাৰ সম্পাদক বিপুল কুমাৰ দিহিঙীয়াই। বহু সংখ্যক চিত্ৰ ভাস্কৰ্য শিল্পীৰ লগতে এম ডি আৰ্ট স্কুলৰ শিক্ষাৰ্থী সকল, অভিভাৱক আৰু অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী ননী বৰপূজাৰী, দিলিপ চন্দ্ৰ বৰুৱাকে ধৰি  বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ড° দিব্যজ্যোতি শইকীয়াই "প্ৰগতিশীল সমাজ ব্যৱস্থাৰ বাবে চিত্ৰ আৰু ভাস্কৰ্য শিল্পীৰ কৰণীয় তথা আৰ্ট স্কুল আৰু সমাজৰ প্ৰয়োজনীয়তা" শীৰ্ষক প্ৰেৰণাত্মক বক্তব্য অতি সাৱলীলতাৰে আগবঢ়ায়। ড্ৰাগচৰ ভয়াবহতা, ড্ৰাগচৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰানৰ উপায় সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি  যুক্তিবাদী চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা ডঃ দিব্যজ্যোতি শইকীয়াই উক্ত অনুষ্ঠানত উপস্থিত থকা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী ননী বৰপূজাৰী, অতুল চন্দ্ৰ বৰুৱা, পৰেশ ভূঞা, মিন্টু ডেকা আদিক উদ্দেশ্যি  অন্ধবিশ্বাস, ড্ৰাগছ, মূল্যবোধহীন অস্থিৰ ৰাজনৈতিক অৱস্থা আদি দূৰীকৰণত  চিত্ৰ শিল্পীৰ সামাজিক দায়বদ্ধতা তথা ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ  কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment