পাৰখোৱাত ১০বছৰীয়া শিশু কবি ডিম্পল শইকীয়াৰ কবিতা পুথি 'কুঁহি' উন্মোচন


হাওৰাঘাট,২০ মাৰ্চ : পাৰখোৱাৰ আকাশীগঙ্গা কবি সন্মিলনৰ উদ্যোগত আৰু সদৌ অসম কবি সন্মিলনৰ কবিতা মহোৎসৱত দেওবাৰে হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ডিম্পল শইকীয়াই 'কুঁহি' নামৰ এখনি কবিতা পুথি উন্মোচন কৰা হয় । আশা প্ৰকাশনে প্ৰকাশ কৰা কবিতা পুথি উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই। সভাত বিশিষ্ট কবি নৰহৰি চুতীয়া, মাণিক শইকীয়া, নবীন কামান, ভৱেন নাথ, সুচন্দ্ৰ বায়ন, অৰুণী ডেকা, সদৌ অসম কবি সন্মিলনৰ সম্পাদক চৈয়দ পাৰভিজ হুচেইন, কৃষ্ণ দৈমাৰী আদি উপস্থিত থাকে । লগতে ডিম্পলৰ পিতৃ কমল শইকীয়া আৰু মাতৃ মুনমী লস্কৰ উপস্থিত থাকে । কবিতা পুথিখনি সম্পাদনা কৰে বিশিষ্ট কবি, সাহিত্যিক, অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী কল্পনা বৰাই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment