দিল্লীত মুখ্য কাৰ্যালয়ত অগপ নেতা জয়ন্ত খাউণ্ডৰ কংগ্ৰেছত যোগদান


নতুন দিল্লী,৯ মাৰ্চঃ আঞ্চলিক দল অগপ ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগ দিয়ে দলটোৰ বিত্ত সম্পাদক তথা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ জয়ন্ত খাউণ্ডে। উল্লেখ্য যে ৰঙানদী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰ দল অগপক সমষ্টিটো এৰি নিদিয়াৰ ক্ষোভতে দলৰ প্ৰভাৱশালী নেতা জয়ন্ত খাউণ্ডে অগপ ত্যাগ কৰে। আজি নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী তথা অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা ডি কে শিৱকুমাৰ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতা আৰু বিনন্দ শইকীয়াৰ উপস্থিতিত জয়ন্ত খাউণ্ডে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগ দিয়ে। জয়ন্ত খাউণ্ডক কংগ্ৰেছ দললৈ আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ''কিছুদিন পূৰ্বে জয়ন্ত খাউণ্ডে আমাৰ সৈতে যোগাযোগ কৰি আমাৰ দলত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ  কৰিছিল৷ আমি এই প্ৰস্তাৱ শুনি তেখেতক আদৰণি জনাও৷ জয়ন্ত খাউণ্ডে যিখন জিলা আৰু যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰে সেই ঠাইত ৰাইজৰ উৎসাহ দেখা যায়৷ কংগ্ৰেছ দলৰো সেই জিলাখনৰ নেতা-কৰ্মীয়ে উৎসাহ দেখুৱাইছে৷ আজি তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মইমতালিৰ বিৰুদ্ধে কাম কৰিবলৈ কংগ্ৰেছ দলত যোগদান কৰিছে৷ আজি অসমত শসকীয় দলৰ কিছু নেতাই ত্যাগৰ ৰাজনীতি কৰি আছে৷ মুখ্যমন্ত্ৰীয়ে ত্যাগেৰ ৰাজনীতি কৰা মানুহক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবলৈ অপচেষ্টা চলাই আছে৷ এনে মানুহক লৈ তেওঁ ৰাজনীতি কৰিব খুজিছে, যিসকলে তেওঁৰ কথা মতে উঠা-বহা কৰে আৰু যিকল ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে৷’’ আজিৰ তাৰিখত শাসকীয় দলৰ বহু নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত অতিষ্ঠ হৈছে আৰু বহু নেতাই হিমন্ত বিশ্ব শৰ্মাক এৰি কংগ্ৰেছলৈ আহিব খোজে বুলিও মন্তব্য কৰে। যোগদান অনুষ্ঠানৰ পিছত আয়োজিত সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে পুনৰ কয় যে সকলো বিৰোধী দলৰ সৈতে মিত্ৰতা কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে৷ আমি তিনিটা ৰাজনৈতিক দলৰ সৈতে আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত কথা পাতি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছো৷ বাকীসকলৰ সৈতেও যোগাত্মক দিশত আলোচনা আগবাঢ়ি আছে বুলিও গগৈয়ে কয়। বৰ্তমান যি বাধাই দেখা দিছে অনাগত দিনত সেই বাধা নাইকিয়া হৈ পৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ তত্বাৱধয়ক জিতেন্দ্ৰ সিঙে জয়ন্ত খাউণ্ডক কংগ্ৰেছ পৰিয়াললৈ আদৰণি জনাই সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ প্ৰসংগ উল্লেখ কৰে৷ জয়ন্ত খাউণ্ডক সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ সৈতে জড়িত বুলি উপস্থিত সাংবাদিকক চিনাকি কৰাই দিয়ে৷ জয়ন্ত খাউণ্ডে অসমীয়া ভাষা, সংস্কৃতিৰ হৈ যুঁজ দি আহিছে বুলি উল্লেখ কৰি জিতেন্দ্ৰ সিঙে কয় যে সদৌ অসম ছাত্ৰ সন্থা এৰি তেওঁ অসম গণ পৰিষদত যোগদান কৰিছিল৷ অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ নেতা আছিল৷ আছু আৰু অগপৰ সৈতে অসমৰ সংস্কৃতি আৰু ভাষাৰ মূল্যৰ সৈতে তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল৷ কিন্তু আজি অগপক ধ্বংস কৰিলে বিজেপি দলে৷ বিজেপি দলে অসমৰ আঞ্চলিক দল অগপক ধ্বংস কৰি পেলালে৷ বিজেপিয়ে অসমৰ পৰিচয় ধ্বংস কৰি দিছে৷ দেশৰ প্ৰতিখন ৰাজ্যত একেই কামকে কৰিছে৷ অসমৰ দৰে ওড়িশাতো একেই কাম কৰিছে৷ বিজেডিৰ সৈতে একেলগে থাকি সহায় লৈ শেষত গেৰুৱা দলটোৱে বিজেডিক ধ্বংস কৰিবলৈ প্ৰয়াস কৰিছে বুলিও কয় সিঙে৷ তেওঁ কয় যে প্ৰথমে ৫খন আৰু পিছত ১০খন আসন লৈ বিজেপিয়ে বিজু জনতা দলক ধ্বংস কৰি দিলে৷ তেনেদৰে অসমতো অগপ দল ধ্বংস হৈ যাব বুলিও আশংকা প্ৰকাশ কৰে সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীয়ে। ইফালে, কংগ্ৰেছ দলত যোগ দি আজি যথেষ্ট উৎসাহিত হৈ পৰা দেখা যায় জয়ন্ত খাউণ্ডক। তেওঁ কয়, ''কংগ্ৰেছ দল এখন গভীৰ আৰু বিশাল সাগৰৰ দৰে৷ এনে এটা বিশাল দলত যোগদানৰ সুযোগ পোৱাটোৱেই মোৰ বাবে ভাল লগা কথা৷’’ উল্লেখ্য যে, ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ জয়ন্ত খাউণ্ডক আদৰণি জনাবলৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিন্তু হাজৰিকা আৰু আন কেবাজনো স্থানীয় নেতা দিল্লীত গৈ উপস্থিত হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment