দহ বছৰৰ পাছত অস্কাৰত উজলিল ভাৰত

লছ এঞ্জেলছ : পিৰিয়ডঃ এণ্ড অব্ ছেনটে। নামৰ চুটি তথ্যচিত্ৰখনে ইয়াত অনুষ্ঠিত অস্কাৰ বঁটা প্রদান অনুষ্ঠানত ভাৰতক গৌৰৱ কৰাৰ এক সুযােগ দিয়ে। পিৰিয়ডঃ এণ্ড অব ছেনটেনচে ডকুমেণ্টৰী শ্বশাখাত অস্কাৰ বঁটা জয় কৰি সকলােকে আচৰিত কৰি তােলে। উত্তৰ প্রদেশৰ হাপুৰ জিলাৰ কাঠি খেৰা গাঁৱৰ এগৰাকী যুৱতীৰ কাহিনীৰ আধাৰত এই চিনেমাখন নির্মাণ কৰা হৈছে।

1%2B%25281%2529

ইফালে মেক্সিকোৰ পৰিচালক আলফনছ’ কুৰনৰ ৰােমাই বিদেশী ভাষাৰ শাখাত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে। ৯১ সংখ্যক অস্কাৰ বঁটা প্রদান অনুষ্ঠানত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে গ্রীন বুকে। কুৰনে শ্রেষ্ঠ পৰিচালকৰ বঁটাও লাভ কৰে।

ইফালে দ্য ফেভাটিত কৰা অভিনয়ৰ বাবে অলিভিয়া কলমেনে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰে। শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে বহেমিয়ান ৰেপছডিত কৰা অভিনয়ৰ বাবে ৰামি মালেকে। বহেমিয়ান ৰেপছডিয়ে মুঠ চাৰিটা শাখাত অস্কাৰ লাভ কৰে। এই বছৰৰ শ্ৰেষ্ঠ চিনেমাৰূপে অস্কাৰ বঁটা লাভ কৰা গ্রীন বুকক অনিল আম্বানিৰ ৰিলায়েন্স এণ্টাৰটেইনমেণ্টৰ আম্বালিন এণ্টাৰটেইনমেন্টে পৃষ্ঠপােষকতা কৰিছিল।

ইফালে গ্রীন বুকত অভিনয় কৰা মাহেশ্বালা আলিয়ে শ্রেষ্ঠ সহযােগী অভিনেতাৰ বঁটা লাভ কৰে। চিনেমাখনে শ্রেষ্ঠ মূল চিত্রনাট্যৰ বঁটাও লাভ কৰে। স্পাইডাৰমেন ইনটু দ্য স্পাইডাৰ ভাৰ্ছে সর্বশ্রেষ্ঠ এনিমেটেড চিনেমাৰ শাখাত অস্কাৰ বঁটা জয় কৰে। শ্রেষ্ঠ সহযােগী অভিনেত্রীৰ বঁটা দিয়া হয় ৰেজিনা কিঙক। সর্বশ্রেষ্ঠ কষ্টিউম ডিজাইনৰ শাখাত অস্কাৰ বঁটা লাভ কৰে ৰুথ ই কার্টাৰে। এই শাখাত অকাদেমি বঁটা জয় কৰা তেওঁ হ’ল প্রথমগৰাকী অশ্বেতকায় মহিলা।

ইফালে লেডী গাগাই প্রথমবাৰৰ বাবে অস্কাৰ বঁটা লাভ কৰে। তেওঁক এ ষ্টাৰ ইজ বর্নৰ খেলৰ বাবে শ্রেষ্ঠ মূল সংগীতৰ শাখাত এই বঁটাৰে সন্মানিত কৰা হয়। উল্লেখযােগ্য যে ৰােমাক এইবাৰ অস্কাৰৰ প্রায় দহটা শাখাত মনােনীত কৰা হৈছিল।

ইফালে ভাৰতীয় গ্রামীণ সমাজৰ মহিলাৰ সমস্যাক লৈ পিৰিয়ড. এণ্ড অব ছেণ্টেনচ নামৰ চিনেমাখন নির্মাণ কৰা হৈছে। এই তথ্যচিত্ৰখনৰ। পৰিচালনা কৰিছে ৰায়কা জেহতাবচীয়ে। ভাৰতীয় প্রয়ােজক গুনিত মংগাৰ ছিখিয়া এণ্টাৰটেইনমেন্টে প্রযােজনা কৰা এই চিনেমাখন অকরুড স্কুল ইন লছ এঞ্জেলছৰ ছাত্ৰীসকল আৰু শিক্ষয়িত্রী মিলিছা বার্টনেন আৰম্ভ কৰা ‘দ্য পেড প্রজেক্ট’ৰ অংশ আছিল।

2

জেহতাবছীয়ে তথ্যচিত্ৰখনে অস্কাৰ পুৰস্কাৰ লাভ কাৰ পাছত নিজৰ প্রতিক্রিয়া প্রকাশ কৰাৰ সময়ত আৱেগিক হৈ পৰে। তেওঁ কয়, ‘ঋতুস্ৰাৱৰ সমস্যাক লৈ নির্মাণ কৰা এখন তথ্যচিত্রই অস্কাৰ জয় কৰিব পাৰে বুলি মােৰ বিশ্বাসেই হােৱা নাই।

ইফালে বার্টনে অস্কাৰ বঁটা তেওঁৰ স্কুললৈ উৎসৰ্গা কৰি কয় যে এই প্রকল্পটো হাতত লােৱাৰ প্রধান উদ্দেশ্য আছিল লছ এঞ্জেলছত থকা তেওঁৰ ছাত্ৰী আৰু ভাৰতীয় লােকসকলে পৰিৱর্তন বিচাৰিছিল। উল্লেখযােগ্য যে ভাৰতলৈ প্রায় এটা দশকৰ পাছত অস্কাৰ বঁটা আহে৷ ইয়াৰ আগতে এ আৰ ৰহমান আৰু স্লামডগ মিলেনিয়াৰে অস্কাৰ বঁটা লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই চিনেমাখনে ২০০৯ চনত অস্কাৰ বঁটা জয় কৰিছিল।

ইফালে শ্রেষ্ঠ অভিনেত্রীৰ অস্কাৰ জয় কৰা কলমেনৰ ভাৰতৰ লগতাে সম্পর্ক আছে। তেওঁ বঁটা জয় কৰাৰ কেইমাহমানৰ আগতে বিহাৰৰ কিষাণগঞ্জলৈ আহিছিল বিহাৰত তেওঁৰ শিপা বিচাৰি। তেতিয়াই তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে থকা ভাৰতৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰে।
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment