জাপ মাৰি ওলালে ‘গাভৰু শুৱনি’ কৰৱী বৰশইকীয়া

Karabi%2BCover%2Bcopy

গুৱাহাটী : জাপ মাৰি ওলালে/থাপ মাৰি ধৰিলো/গাতৰে পখৰা চেঙা...৷ এটি মন পৰসা তথা শ্রোতাৰ কৰ্ণকুহৰ বহু দিনলৈ গুঞ্জৰিত কৰি ৰখা এটি গীত। গীতটোৰ কথা আৰু সুৰ জয়ন্ত সোণোৱাল আৰু কণ্ঠ কৰৱী বৰশইকীয়াৰ৷ অফুৰন্ত কর্মস্পৃহা, নিৰলস চেষ্টা আৰু প্রবল ইচ্ছা শক্তিক সাৰথি কৰি কৰৱী বৰশইকীয়াই ৰাজ্যবাসীক ভোগালীৰ উপহাৰ হিচাপে দিয়া ‘গাভৰু শুৱনি’ শীৰ্ষক এই গীতটিৰ জৰিয়তে কৰৱী বৰশইকীয়াই অসমীয়া সংগীত প্রেমীৰ মনত চেনেহৰ সোঁত বোৱাই ৰাজ্যবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কৰৱী বৰশইকীয়া পেছাগতভাৱে কণ্ঠশিল্পী নহ’লেও একমাত্ৰ নিজস্ব গায়কীৰ বিচক্ষণতাৰে কণ্ঠদান কৰা এই গীতটিয়েই হৈছে ষ্টুডিঅ’ত বাণীৱদ্ধ কৰা কৰৱী বৰশইকীয়াৰ প্ৰথমটো গীত৷ গীতটি গুৱাহাটীৰ ষ্টুডিঅ’ ওৱানত বাণীবদ্ধ আৰু মিশ্রণ কৰিছে অসীম দাসে৷ গীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়েই কেৱল স্বকীয় প্রতিভাৰ স্বীকৃতি স্বৰূপে গীতটিত কণ্ঠদান কৰি নিজ কণ্ঠৰ প্ৰভাৱ ৰাজ্যবাসীৰ মাজতো সিচৰিত কৰিবলৈ সক্ষম হয়। এই বছৰ কৰৱী বৰশইকীয়াই ৰাজ্যবাসীক ভোগালীৰ উপহাৰ হিচাপে দিয়ে ‘গাভৰু শুৱনি’ শীৰ্ষক গীতটিয়ে ইউ ডিউবত মুক্তি লাভ কৰাৰ পাছত ৰাজ্যবাসীৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ 

উল্লেখ্য যে কৰৱী বৰশইকীয়া গীত গাই ভালপোৱাৰ লগতে মডেলিঙৰ ক্ষেত্ৰতো তাইৰ আছে অদম্য হেঁপাহ৷ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন কাকত-আলোচনী-কেলেণ্ডাৰ আদিত মডেল হিচাপে কৰৱী বৰশইকীয়াৰ ফটো প্ৰকাশ পাই আহিছে৷ ইয়াৰোপৰি সাংবাদিকতা তাইৰ বাবে প্ৰিয়৷ সেয়ে মডেল আৰু গীত গোৱাৰ উপৰি সাংবাদিক হিচাপেও বিভিন্ন কাকত-আলোচনীত লিখা-মেলা কৰাৰ লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী ‘অসমীয়া সমাহাৰ’ৰ উপ-সম্পাদক হিচাপে সাংবাদিকতাদৰ দৰে বৃত্তিত জড়িত হৈ আছে৷
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment