বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনলৈ সংবাদ প্ৰহৰী বঁটা–২০১৯ প্রদান

সংবাদ প্ৰহৰীৰ চতুর্থ বর্ষপূর্তি অনুষ্ঠান সম্পন্ন

Sangbad%2BPrahari%2BAward-2019%2Bto%2BSanjib%2BKumar%2BPhukan%2Bat%2BDispur%2BPress%2BClub-%2BSunday%2B2

গুৱাহাটী : সম্প্রতি সংবাদ মাধ্যম ধনবলৰ জৰিয়তেহে চলি আছে। বিশেষকৈ কাকত আৰু টিভি চেনেলসমূহত ধনবলেৰে বহু সসময়ত সংবাদ প্রতিষ্ঠানক হেঁচা প্রয়ােগ কৰা হয়। কিন্তু ৱেব মিডিয়াৰ ক্ষেত্ৰত সম্পূর্ণ পৃথক। ৱেব মিডিয়াত ক'বলৈ গ'লে কোনাে স্পীড ব্রেকাৰ অর্থাৎ তেনে কোনাে বাধা নাই। গতিকে ৱেব মিডিয়াসমূহ সুন্দৰকৈ আগুৱাই যাব পাৰে। এই মন্তব্য বিশিষ্ট সাংবাদিক অতনু ভূঞাৰ। আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হােৱা ৱেব মিডিয়া সংবাদ প্ৰহৰীৰ চতুর্থ বর্ষপূর্তি অনুষ্ঠানত অতিথি হিচাপে অসমত ৱেব মিডিয়াৰ পথ প্রদর্শক স্বৰূপ ভূঞাই অংশগ্রহণ কৰি ৱেব মিডিয়া সন্দৰ্ভত নিজৰ ভাষণত এনেদৰে মন্তব্য কৰে।

Sangbad%2BPrahari%2BAward-2019%2Bto%2BSanjib%2BKumar%2BPhukan%2Bat%2BDispur%2BPress%2BClub-%2BSunday

উল্লেখ্য যে অসমত স্বতন্ত্রভাৱে চলি থকা ৱেব মিডিয়া সংবাদ প্ৰহৰী’য়ে ইতিমধ্যে পঞ্চমটো বৰ্ষত ভৰি দিয়ে। তদুপলক্ষে আজি দিছপুৰ প্ৰেছ ক্লাৱত দিনৰ ১ বজাত চতুর্থ বর্ষপূর্তি অনুষ্ঠানৰ আয়ােজন কৰা হয়। সংবাদ প্ৰহৰী গােষ্ঠীৰ দ্বাৰা প্রকাশিত মাহেকীয়া আলােচনী ‘অসমীয়া সমাহাৰ'ৰ সম্পাদনা উপদেষ্টা তথা নীলাভ কবি’আছফিয়া আহমেদৰ ৰচিত সংবাদ প্ৰহৰী’ শীর্ষক কবিতাৰে সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে আৰম্ভ কৰা তথা আঁত ধৰা এই অনুষ্ঠানটিত বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনক ২০১৯ বৰ্ষৰ ‘সংবাদ প্ৰহৰী বঁটা’ প্রদান কৰা হয়। পৰিচালন সম্পাদক গােলাপ মজুমদাৰৰ সহযােগিতাত এই বঁটা প্ৰদান কৰে সাংবাদিক অতুন ভূঞাই। বঁটা গ্রহণ কৰি সাংবাদিক ফুকনে নিজৰ দুআষাৰত বৰ্তমানৰ সংবাদ মাধ্যমৰ পৰিস্থিতি, সমস্যা আদি সম্পর্কে বিতং বাখ্যা আগবঢ়াই।

Sangbad%2BPrahari%2BAward-2019%2Bto%2BSanjib%2BKumar%2BPhukan%2Bat%2BDispur%2BPress%2BClub-%2BSunday%2B1

একেদৰে অনুষ্ঠানত দৈনিক গণ অধিকাৰ কাকতৰ সম্পাদক ডঃ জাকিৰ হুছেইন আৰু ২০১৮ বৰ্ষৰ সংবাদ প্ৰহৰী বঁটা প্রাপক তথা জ্যেষ্ঠ সাংবাদিক অমল গুপ্তও অতিথি হিচাপে অংশগ্রহণ কৰি ভাষণ প্রদান কৰে।
অতিৰিক্ত সম্পাদক চুলতান মাহমুদ মির্ধাই প্রতিবেদন পাঠ কৰা এই অনুষ্ঠানত অসমীয়া খবৰ কাকতৰ উপ সম্পাদক ফাইজুৰ ৰহমান, দৈনিক গণ আধিকাৰ কাকতৰ সহযােগী সম্পাদক গিৰীন্দ্ৰ শইকীয়া, প্রবীণ সাংবাদিক সূর্য নাথ, দি নিউজ চেদ্ৰীৰ সহযােগী সম্পাদক লুটফৰ আব্রাহাম, বিশিষ্ট ব্যক্তি বিনয় শর্মা,প্ৰৱন্ধকাৰ মাজেদুৰ ৰহমান, যুৱ সমাজকর্মী আলিফুৰ ৰহমান, ‘অসমীয়া সমাহাৰ আলােচনী কার্যবাহী সম্পাদক হানিফ আলী আহমেদ, সহযােগী সম্পাদক মহিবুল মণ্ডল, উপ-সম্পাদদ্বয় ক্রমে হেলমিনা খাতুন, কৰৱী বৰশইকীয়া, সাংবাদিক আলিফা ৰহমান, ৰিমি ফুকন, মমী বৰুৱা, কবি এন হক (জান), সাজাহান আলী আহমেদ, কস্তুৰী বৰঠাকুৰ আদি কৰি ভালে সংখ্যক ন-পুৰণি লেখক, সাংবাদিক, সমাজকর্মীক সংবাদ প্ৰহৰী গােষ্ঠীৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হয়। 
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment