আমি যে সংবাদ প্ৰহৰী ... (কবিতা)

Sangbad%2BPrahari

আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী ...
আমি জনতাৰ বাণী আমিয়েই যে জনতাৰ আস্থা
আমাৰ প্ৰতিটি খবৰ নিৰপেক্ষ, আমি মুক্তকণ্ঠ

শূন্য মৰুত যাত্ৰা আমাৰ
বিচাৰি লমে এদিন সেউজীয়াৰ ঠিকনা
অসাধ্য সাধনৰ ই যে যাত্ৰা আমাৰ
সত্য সন্ধানত আমাৰ এই যুদ্ধ অবিৰাম
আমি যে অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী ....

আমি নহও অৰ্জ্জুন, আমাৰ নাই গাণ্ডিবী
তথাপিতো শৰ সন্ধানত আমি এদিন হমেই নিপুন
আমি পৰিশ্ৰমী, আমাক লাগে মাথো জনতাৰ সহাঁৰি
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী...

আমি নিবিচাৰো নিজৰ মহানতা
নালাগে আমাক মহানুভৱতা
আমি যে সময়ৰ আহব্বান
দহৰ বাবে আমাৰ এই সাধনা অমি জাগ্ৰত চেতনা
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী..

নিসকন্ঠ জনতাৰ কন্ঠ আমি
নিস্পেষিত জনতাৰ সবল হাত
বাধাৰ প্ৰাচীৰ ভাঙি আমি চিঞৰিম
আমি চিঞৰিম সত্যক আকোৱালি
অমি যাম, আমি যামেই আগুৱাই
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী...

আমি গাম শান্তিৰ নৱ গান
আজোৰি আনিম দেশৰ মান
আমি সতন্ত্ৰ সেনানী আমি নিৰ্ভিক
আমি নিৰ্ভিক প্ৰহৰী
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী...।
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment