দ্বিতীয় টি-২০তাে পৰাস্ত টীম ইণ্ডিয়া : শৃংখলা জয় অষ্ট্রেলিয়াৰ

বাংগালুৰু : দমনীয় প্রদর্শন দাঙি ধৰি অষ্ট্রেলিয়াই ঘৰুৱা দল টীম ইণ্ডিয়াৰে খেলা দুখনীয়া টি-২০ মেচৰ শৃংখলাটো ২-০ৰ ব্যৱধানত দখল কৰে। বাংগালুৰুত বুধবাৰে অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন টি-২০ত অষ্ট্রেলিয়াই ঘৰুৱা দলটোক ৭ উইকেটত পৰাস্ত কৰে।

Glenn-Maxwell-and-Peter-Handscomb--766x435

মেচখনত অষ্ট্রেলিয়াৰ দলটোৰ মূলতেই আছিল গ্লেন মেক্সৱেলৰ বিস্ফোৰক শতক। ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মেক্সৱেলৰ অপৰাজিত ১১৩ আৰু আর্চি ডিটৰ ৪০ ৰানৰ সহায়ত অষ্ট্রেলিয়াই ১৯.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই প্রয়ােজনীয়
ৰানখিনি সংগ্রহ কৰে। মেক্সৱেলে ৫৫টা বলত ৭টা চাৰি ৯টা ছয়েৰে বিস্ফোৰক ইনিংটো গঢ়িছিল। উইনিছে ৭ আৰু অধিনায়ক ফিনছে ৮ ৰান কৰি বিদায় লয়।

উল্লেখ্য যে এই জয়েৰে অষ্ট্রেলিয়াই গৃহভূমিত টীম ইণ্ডিয়াৰ হাতত পৰাস্ত হােৱাৰ পােটক তুলিবলৈ সক্ষম হয়। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক কোহলিৰ বিস্ফোৰক অর্ধশতক তথা অপেনাৰ ৰাহুল আৰু ধােনীৰ চমকপ্রদ বেটিঙৰ সহায়ত ভাৰতে নির্ধাৰিত অভাৰত ৪টা উইকেটত ১৯০ ৰান কৰে। ইনিংছ মুকলি কৰিবলৈ আহি ৰাহুল আৰু ধাৱনে প্রথম উইকেটৰ যুটিত ৬১ ৰান সংগ্রহ কৰি টীম ইণ্ডিয়াক শক্তিশালী আৰম্ভণি দিয়ে। ধাৱনে ১৪ ৰান কৰি বিদায় লয় যদিও ৰাহুলে ২৬টা বলত ৩ চাৰি আৰু চাৰিটা ছয়েৰে ৪৭ ৰানৰ অৱদান আগবঢ়ায়। দলীয় স্ক’ৰ ৭৪ ৰানত তিনিগৰাকীকৈ বেটছমেনক হেৰুৱাই ভাৰতীয় দলটোৱে কিছু সমস্যাত পৰিছিল যদিও অধিনায়ক কোহলি আৰু ধােনীয়ে চতুর্থ উইকেটৰ যুটিত ১০০ ৰান সংগ্রহ কৰি ভাৰতীয় দলটোক সবল স্থিতিত উপনীত কৰায়। কোহলিয়ে ৩৮টা বলত দুটা চাৰি আৰু ৬টা ছয়েৰে ৭২ ৰান কৰি অপৰাজিত হৈ থাকে। ধােনীয়ে ২৩টা বলত তিনিটা চাৰি আৰু সমসংখ্যক ছয়েৰে ৪০ ৰানৰ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়।
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment