হিন্দুৰ বাবেই ভাৰত আজি ধৰ্মনিৰপেক্ষ : হিমন্ত

53117841_1023557541368361_4439789762110291968_n

গুৱাহাটী : হিন্দুৱে বিচৰা হ’লে হিন্দু ৰাষ্ট্ৰ হ’লহেঁতেন ভাৰত। হিন্দুৰ অন্তৰ বহল, সেইবাবেই ধৰ্মনিৰপক্ষে ভাৰতবৰ্ষ। তাৰ মানে এইটো নহয় যে আমাৰ ৫ হাজাৰ বছৰৰ হিন্দুৰ সভ্যতা-সংস্কৃতিক আমি পাহৰি যাম। ঢেকীয়াজুলিত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ সত্ৰৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় - বৰপেটাৰ কনৰা সত্ৰৰ বহু দূৰলৈ হিন্দু মানুহ নাই। জনিয়াত শংকৰদেৱৰ নাতিয়েকে প্ৰতিষ্ঠা কৰা এলেঙী সত্ৰৰ পূবে-পশ্চিমে ৫০ কিঃমিঃ দূৰলৈ হিন্দু মানুহ নাই। সত্ৰত চাকি জ্বলাবলৈ ৫০ কিঃমিঃ দূৰৰ লোক যাব লগা হৈছে। বৰদোৱা সত্ৰও অবৈধ বাংলাদেশীয়ে বেদখল কৰি ৰাখিছে। সংবিধান প্ৰস্তুত কৰাৰ সভাত ১০০জনৰ ৯০জনেই হিন্দু আছিল, যাৰ বাবে ভাৰতবৰ্ষ ধৰ্মনিৰপক্ষে হ’ল বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment