বিশ্বকাপৰ বাবে সাজু ১৫জনীয়া দল ভাৰতীয় দল

নতুন দিল্লী : সীমিত অভাৰৰ বিশ্বকাপ ক্রিকেটলৈ মাজতে মাথো কেইটামান মাহ বাকী। আই চি চিৰ সন্মানীয় প্রতিযােগিতাখনলৈ দেশসমূহ সাজু হৈ পৰিছে দল গঠনক লৈ। প্রতিযােগিতাখনৰ বাবে আই চি চিয়ে দল প্ৰেৰণৰ অন্তিম সময়সীমা ২৩ এপ্রিল ধার্য কৰিছে যদিও ভাৰতৰ ১৫জনীয়া দলটোত কোন খেলুৱৈয়ে স্থান লাভ কৰিব সেয়া প্রায় নিশ্চিত হৈ পৰিছে।

b7758-1528305205-800

ভাৰতীয় ক্রিকেট দলটোৰ মুখ্য নির্বাচক এম এছ কে প্রসাদে মৌখিকভাৱে ভাৰতৰ ১৫জনীয়া দলটো ঘোষণা কৰিছে আৰু এই দলটোত প্রতিভাৱান উইকেটকীপাৰ বেটছমেন ঋষভ পন্টৰ লগতে অলৰাউণ্ডাৰ বিজয় শংকৰ আৰু প্ৰবীণ বেটমেন আজিংক্য ৰাহানে থাকিব বুলি ইংগিত দিছে। ঋষভ পণ্ট আৰু বিজয় শংকৰে শেহতীয়াভাৱে চমকপ্রদ প্রদর্শন দাঙি ধৰাৰ সুবাদতেই আগন্তুক বিশ্বকাপ ক্রিকেট প্রতিযােগিতাখনত ভাৰতীয় দলটোত স্থান লাভৰ প্রবল দাবীদাৰ হিচাপে নিজকে প্রতিপন্ন কৰিছে।

ইফালে, আই চি চিৰ সন্মানীয় প্রতিযােগিতাখনত পণ্টক এগৰাকী বিশেষজ্ঞ বেটমেন হিচাপে অৱতীৰ্ণ কৰাব বুলি ইংগিত দি মুখ্য নির্বাচক এম এছ কে প্রসাদে কয় যে পণ্টে এতিয়ালৈকে মাত্র তিনিখন এদিনীয়া মেচ খেলিছে যদিও টেষ্ট ক্রিকেট আৰু ভাৰতীয় এ দলটোৰ হৈ বিগত বৰ্ষত উন্নত বেটিং প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

msk-prasad-m
ভাৰতীয় ক্রিকেট দলটোৰ মুখ্য নির্বাচক এম এছ কে প্রসাদ
ইফালে, বিজয় শংকৰেও নিউজিলেণ্ডৰে খেলা শুংখলাটোত আশানুরূপ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আনহাতে, ৰাহানেও শেহতীয়াভাৱে উন্নত বেটিং প্রদর্শন দাঙি ধৰাৰ পৰিপ্ৰেক্ষিতত বিশ্বকাপৰ বাবে ভাৰতৰ ১৫জনীয়া দলটোত স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি মুখ্য নির্বাচকগৰাকীয়ে ব্যক্ত কৰে।

ইফালে, পন্ট, বিজয় শংকৰ আৰু ৰাহানেৰ উপৰি দীনেশ কার্তিককো ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰাৰ ইংগিত দিছে এম এছ কে প্রসাদে। উল্লেখ্য যে অহা মে’ মাহৰ ৩০ তাৰিখৰ পৰা ইংলেণ্ডত বিশ্বকাপ ক্রিকেট প্রতিযােগিতাখন অনুষ্ঠিত হ'ব আৰু ৫ জুনত দক্ষিণ আফ্রিকাৰে খেলি প্রতিযােগিতাখনত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই।
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment