মহিলাৰ ফাইনেলত মুখামুখি হ’ব ছাইনা নেহৱাল-পি ভি সিন্ধু





গুৱাহাটী : ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত সমুখ সমৰত নামিব দেশৰ দুই তাৰকা ছাইনা নেহৱাল আৰু পি ভি সিন্ধু। গুৱাহাটীত চলি থকা আগশাৰীৰ প্রতিযােগিতাখনৰ ফাইনেলত আজি ছাইনাই চতুর্থবাৰৰ বাবে আৰু সিন্ধুৱে তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে কৰ্টত নামিব।
কালি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত শীর্ষ বাছনিৰ সিন্ধুৱে অসমৰ উদীয়মান তাৰকা অস্মিতা চলিহাক ২১১০, ২২-২০ৰ ব্যৱধানত পৰাস্ত কৰে। একেদৰে ডিফেণ্ডিং চেম্পিয়ন ছাইনাই বৈষ্ণৱী ভালেক ২১১৫, ২১-১৪ৰ ব্যৱধানত হৰুৱাই খিতাপ যুঁজলৈ উন্নীত হয়।
মন কৰিবলগীয়া যে বিগত বৰ্ষৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনৰ ফাইনেলত এই দুই তাৰকা মুখামুখি হৈছিল। সেইবাৰ পিভি সিন্ধুৰ তীব্র প্রত্যাহ্বান ওফৰাই ছাইনাই শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল। এবছৰ পূৰ্বৰ সেই পৰাজয়ৰ প্রতিশােধ পূৰণৰ লক্ষ্যৰে আজি সিন্ধুৱে গুৱাহাটীত ছাইনাৰ মুখামুখি হ’ব।
ইফালে, পুৰুষৰ ছিংগলছত খিতাপৰ বাবে যুঁজিব সৌৰভ বার্মা আৰু লক্ষ্য সেনে। দুবাৰৰ চেম্পিয়ন সৌৰভে ছেমিত কৌশল ধর্মবীৰক ২১-১৪, ২১১৭ত হৰুৱায়। একেদৰে লক্ষ্যই পাৰুপল্লী কাশ্যপক ২১-১৫, ২১-১৬ত পৰাস্ত কৰিবলৈ সক্ষম হয়।
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment