#অসমত_ফণীৰ_প্ৰভাৱ
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কেইবাখনো জিলাক বিধ্বংসী ‘ফণী’ৰ ভয়ংকৰ প্ৰভাৱৰ আশংকাত সতৰ্ক কৰি দিছে। ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে Orange আৰু Yellow কেটেগৰীত সতৰ্কতা জাৰী কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। অসমত মূলতঃ শণি আৰু দেওবাৰে পৰিব ‘ফণী’ৰ প্ৰভাৱ। অসমৰ কোন অঞ্চলত কেনে প্ৰভাৱৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই
৪ মে’, শণিবাৰ (কমলাৰঙী সতৰ্কতা): ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাওঁ, চিৰাং, বৰপেটা, কামৰূপত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাত (Heavy to very heavy rainfall)। দক্ষিণ শালমৰা মানকাচৰ আৰু বাক্সাৰ ঠাই বিশেষে অতি প্ৰৱলতৰ (Extremely very heavy rainfall ) বৃষ্টিপাতৰ সতৰ্কতা জাৰী।
৪ মে’, শণিবাৰ (হালধীয়াৰঙী সতৰ্কতা): নলবাৰী, কামৰূপ (মহানগৰ), দৰং, মৰিগাওঁ, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত অতিপাত বৃষ্টিপাত (Heavy rainfall)ৰ আশংকাত সতৰ্কতা।
৫ মে’, দেওবাৰ (কমলাৰঙী সতৰ্কতা): বঙাইগাওঁ, চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাত (Heavy to very heavy rainfall)ৰ আশংকা।
৫ মে’, দেওবাৰ (হালধীয়াৰঙী সতৰ্কতা): ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা মানকাচৰ, নগাওঁ, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত অতি বৃষ্টিপাত (Heavy rainfall)ৰ আশংকাত সতৰ্কতা।
0 Comments:
Post a Comment