মুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাৰ আগ্ৰসন, স্বণ উদ্যোগত কেঁচা সোণৰ গহনা নামেৰে বৃহৎ পুঁজিপতিৰ বিনিয়োগ আদি বহু কাৰকে অসমৰ স্বণ শিল্পী সকলৰ জীৱনলৈ একপ্ৰকাৰ অস্তিত্ব সংকট নমাই আনিছে। কিন্তু এই অন্ধকাৰৰ মাজত অসমীয়া গহনাৰ ক্ষেত্রত নগাঁওৰ উৎপল বণিয়াই কঢ়িয়াই আনিছে এটাৰ পাছত আনটো সাফল্য। উদ্যমী স্বণ শিল্পী গৰাকীক চলিত বৰ্ষৰ ২৭ এপ্ৰিলত দিল্লীৰ ৰাজকীয় হোটেল ৰডিছন্ ব্লু ত অনুস্থিত হোৱা "এছিয়া কোৱালিটি এণ্ড এন্টাপিনায়শ্চিপ এৱাড ২০১৯ " অনুষ্ঠানত অংশগ্ৰহণ কৰে।বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰ অংশ গ্ৰহণ কৰা অনুস্থানটোত "ইয়ং আইকন অৱ দ্যা ইয়েৰ"( জুয়েলাৰী ডিজাইনাৰ শিতানত) সন্মানেৰে সন্মানিত কৰে।
তাৰোপৰি ২০১৮ বৰ্ষত ডুগডুগী স্বতাধিকাৰ উৎপল বণিয়ালৈ "ৱল্ড কনফেডাৰচন অৱ বিজনেছ " নামৰ আমেৰিকা টেক্সাছৰ হাউছটৰ সংগঠনটোৱে সন্মানীয় বাণিজ্য বটাঁ "দ্যা বিজ এৱাড" আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ ৰাষ্টপতি ভেংকায়ুৰ নাইডুয়ে অংশ গ্ৰহণ কৰা দিল্লীৰ বিজ্ঞান ভৱণত অনুস্থিত কৰা নিউ ইণ্ডিয়া কনক্লেভত ৰাজ্যিক গ্ৰাম্য উদ্যোগী ,বাংগালোৰত ইন্দিয়ান এছিভাচ্ এৱ্যাডত সন্মানেৰ সন্মানীত কৰিছিল। উল্লেখযোগ্য যে চাৰিখনকৈ গ্ৰন্থ লিখি সাহিত্য জগততো উৎপল বণিয়াই নিজৰ নাম উজ্জ্বলাই ৰাখিছে আৰু সামাজিক ও সাংস্কৃতিক কমী হিচাপে নগাঁওত জনপ্ৰিয়তা শিখৰত আছে ৷ উৎপলে সংবাদ মাধ্যমক জনোৱা মতে, ৰাজ্যত আৰম্ভ হোৱা এনে এক বিপ্লৱৰ মাজতে অসমৰ চৌদিশে মুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাই ভৰি পৰিছে। তাৰোপৰি অসমীয়া গহনাক ডুপ্লিকেট কেঁচা সোণ নাম দি দুষ্ট চক্ৰ ব্যৱসায়ীয়ে বিভিন্ন বিপনী খোলা উপৰিও ছচিয়েল মিডিয়াত চেইন চিষ্টেম ৱ্যবসায়ী আৰম্ভ কৰিছে। যাৰ ফলত অসমীয়া গহনা প্ৰস্তুত কৰা নগাঁওৰ ৰণথলি, বৰপেটা, যোৰহাটৰ থলুৱা ব্যৱসায়ীসকল সমস্যা সন্মুখীন হোৱাৰ লগতে অস্তিত্ব ৰ সংকটত ভুগিছে।

0 Comments:
Post a Comment