ৰাজ্যৰ এশ সাংবাদিকৰ কবিতাক লৈ শীঘ্ৰেই প্ৰকাশ পাব কাব্য গ্ৰন্থ , কবিতা আহ্বান
গুৱাহাটী : সাংবাদিক সকল বহুমুখী প্ৰতিভাৰ অধিকাৰী
। সাংবাদিকৰ মাজতে আছে একোজন সাহিত্যিক,সমালোচক , কবি, গল্পকাৰ , ক্ৰীড়াবিদ আদি । এওলোকৰ বহুতেই ইতিমধ্যে নিজৰ পাৰদৰ্শিতাৰে বিভিন্ন ক্ষেত্ৰত সমাজত প্ৰতিষ্ঠিত হৈছে যদিও গৰিষ্ঠ সংখ্যক প্ৰতিভাসম্পন্ন সাংবাদিকে অৰ্থৰ অভাৱতে হওক নতুৱা কৰ্ম ব্যস্ততা অথবা অন্য কাৰণতেই নহওক কিয় প্ৰতিভাৰ বিকাশ ঘটাই নিজকে সমাজত প্ৰতিষ্ঠিত কৰিবলৈ উপযুক্ত মঞ্চ পোৱা নাই । তেনে সাংবাদিকক সুবিধা প্ৰদানেৰে দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকৰ কবিতাৰে এখন কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্ত লোৱা হৈছে ।কাব্য গ্ৰন্থত সাংবাদিকজনৰ চমু পৰিচয়ো ডাঙি ধৰা হ'ব । অহা আগষ্ট মাহৰ ভিতৰত প্ৰকাশ পাবলগীয়া কাব্যগ্ৰন্থ খনত নিজৰ কবিতা প্ৰকাশ কৰাৰ বাবে ইচ্ছ্যুক সাংবাদিক সকলক তেওঁলোকৰ দুটাকৈ কবিতা প্ৰেছ ক্লাবৰ ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল । প্ৰকাশৰ বাবে যোগ্য বুলি বিবেচিত নোহৱা কবিতা ঘুৰাই পঠিওৱা নহ'য় । সেয়ে মূল কপি হাতত ৰাখিহে লেখা প্ৰেৰণ কৰে যেন । -কবিতাৰ সৈতে সাংবাদিকজনে কৰ্মৰত প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰৰ ফটোকপি আৰু সাংবাদিকতা জীৱনৰ চমু পৰিচয় সহ এখন পাছপোৰ্ট আকাৰৰ ফটো অহা ১৫ জুলাই ২০১৯ চনৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব । লেখা পঠিওৱাৰ ঠিকনা - সভাপতি/ সাধাৰণ সম্পাদক
দিছপুৰ প্ৰেছ ক্লাব
গণেশ উদ্যান
গণেশগুৰি
দিছপুৰ
গুৱাহাটী
৭৮১০০৬
Whats app no -----9957793297, 7002823318
9435025253
ই-মেইল - dispurpressclub69@gmail.com
0 Comments:
Post a Comment