মহিলা নিৰুদ্দেশ : থানাত এজাহাৰ দাখিল

গুৱাহাটী : গুৱাহাটী মহনাগৰীত দিন হাজিৰা কৰি কোনাে পৰিয়াল পােহপাল দিয়া লােক এজনৰ পত্নী বিগত প্রায় কুৰি দিন ধৰি নিৰুদ্দেশ হােৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে ৰফিকুল ইছলাম ধুবুৰী জিলাৰ বাসিন্দা হলেও দীর্ঘদিন ধৰি গুৱাহাটীত থাকি দিন হাজিৰা কৰি পৰিয়াল পােহপাল দি আহিছে। কিন্তু যােৱা ৮ জুনত ধুবুৰীস্থিত কচুৱাৰ খাছ তৃতীয় খণ্ডস্থিত নিজ গৃহৰ পৰা ৰফিকুলৰ পত্নী তথা তিনি সন্তানৰ মাতৃ জোসনা বিবি নিৰুদ্দেশ হৈ আছে। 


ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামী ৰফিকুল ইছলামে স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা অনুসৰি সমীপৱৰ্তী গাঁও কচুৱাৰ খাছ। দ্বিতীয় খণ্ডৰ বাসিন্দা হায়দাৰ আলীৰ পুত্ৰ সহিদুৰ ৰহমানে ৰফিকুলৰ পত্নীক বিভিন্ন প্রলােভন দেখুৱাই অতি কৌশলেৰে অপহৰণ কৰি নি গােপন কৰি ৰাখিছে। আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনাে সুফল পৰিয়ালৰ লােকক দিব পৰা নাই৷ 

সেয়ে কোনাে লােকে মহিলাগৰাকীৰ সম্ভেদ লাভ কৰিলে স্থানীয় আৰক্ষীৰ সৈতে নাইবা ৯৯৫৭০৬৬৩১৬ মােবাইল নম্বৰত যােগাযােগ কৰিবলৈ স্বামী ৰফিকুল ইছলামে আহ্বান জনাইছে।
Share on Google Plus

About Bulbul Jamanur

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment