উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন
ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত পাঞ্চজন্য প্ৰিণ্টিং আৰু পাব্লিকেশ্বনৰ বিপনীত দেওবাৰে উন্মোচন কৰা হয় যুৱ সাংবাদিক পাৰ্থৱ শইকীয়াৰ নৱতম গ্ৰন্থ "ভেল্কীবাজি" ৷ অনুষ্ঠানটোত উপস্থিত থাকি নিউজ ১৮ অসমৰ জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা , আমাৰ অসম কাকতৰ বলেন দত্ত আৰু প্ৰকাশন গোষ্ঠী পাঞ্চজন্যৰ হৈ ধীৰাজ লহকৰ আৰু জোনমণি দাসে গ্ৰন্থখন উন্মোচন কৰে ৷ উন্মোচনী ভাষণ প্ৰসংগত ৰাজদ্বীপ বাইলুং বৰুৱাই যুৱ সাংবাদিক গৰাকীৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে "ভেল্কীবাজি"য়ে তুলি ধৰা সাম্প্ৰতিক ঘটনাৰাজিক অনুধাৱনৰ বাবে পাঠক সমাজক আহ্বান জনায় ৷ পাঞ্চজন্য বুকচে প্ৰকাশ কৰা গ্ৰন্থখনক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈ ছ’চিয়েল মিডিয়াত ৷ অনাগত সময়ত গ্ৰন্থখন পাঠক সমাজে আদৰি ল’ব বুলি আশাবাদী পাৰ্থৱ শইকীয়া ৷
0 Comments:
Post a Comment