High Level Committee (HLC) on Clauuse 6 of Assam Accord ৰ আমন্ত্ৰণক্ৰমে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদৰ নেতৃত্বত সহকাৰী সম্পাদক চহিদ আলী আহমেদ গুৱাহাটী মহানগৰ জিলা সভাপতি আৰু কাৰ্য্যকৰী সভাপতি ক্ৰমে ৰাজীৱ চৌধুৰী আৰু নুৰ ৰহমানৰ উপস্থিতিত Assam Administrative Staff College ত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয়।

আলোচনা সভাত উপস্থিত থাকি অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সাংবিধানিক সুৰক্ষা কৱচ আৰু ইয়াৰ লগত সংগতি ৰাখি গৰিয়া-মৰিয়া-দেশী সকলৰ এক সুকীয়া আৰ্থ সামাজিক জৰীপৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয়। আলোচনা চক্ৰত পৰিষদৰ ফালৰপৰা সভাপতি হাফিজুল আহমেদে স্পষ্টকৈ কয় যে কোনো চন তাৰিখৰ ভিত্তিত নহয়, ঐতিহাসিকভাবে জনগোষ্ঠীয় পৰিচয়ৰে খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত হব লাগিব। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে পৰিষদে সহযোগ কৰিব। কোৱাৰ প্ৰয়োজন নাই, গৌৰৱজ্বল ইতিহাসৰ সৈতে সম্পৰ্ক থকা গৰিয়া, মৰিয়া, দেশীকে ধৰি ইছলামধৰ্মী খিলঞ্জীয়া লোক সকল মূলতঃ অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় লোক সমূহৰ পৰাই ধৰ্মান্তৰিত হোৱা লোক। সংকটময় অৱস্থাৰ পৰা  অসমৰ খিলঞ্জীয়া লোক সকলক উদ্ধাৰ কৰিবলৈ হলে অসমত  বৃটিছ আগমনৰ পাছৰ যিকোনো ভিত্তি বছৰৰ আধাৰত অসম চুক্তিৰ ৬ নং দফাত উল্লেখিত সাংবিধানিক ৰক্ষাকৱচ নিৰ্ণয় কৰাৰ সলনি গৰিয়া, মৰিয়া, দেশী, কোচ, কছাৰী, আহোম, কলিতা আদিকে ধৰি খিলঞ্জীয়া  জনগোষ্ঠীসমূহৰ  অসমভূমিত তেওলোকৰ প্ৰাক ঔপনিবেশিক কালৰ ঐতিহাসিক, সাস্কৃতিক আৰু সামাজিক পৰিচয়ৰ ওপৰত ভিত্তি কৰি চিনাক্তকৰণৰ জৰিয়তে  ৰাজনৈতিক, সামাজিক ,অৰ্থনৈতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত  সাংবিধানিক ৰক্ষাকৱচ  প্ৰদান কৰাৰ বাবে পৰিষদৰ তৰফৰপাৰা অনুৰোধ জনাই। 
 
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment