৪জুলাই গুৱাহাটী: দৰঙৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত চটো নগাঁও,বৰথেকেৰা বাৰী,সৰু থেকেৰাবাৰী, ৰঙামাটি আউলাচৌকা আদি বানাক্ৰান্ত অঞ্চলৰ দুৰ্দশা গ্রস্ত ৰাইজৰ দুখৰ বুজ লয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে তেওঁলোকক বিভিন্ন কথাৰে বুজনি দিয়ে। ডঃ শইকীয়াই এই লোকসকলৰ মাজত খোৱা পানী আৰু অন্যান্য জৰুৰীকালীন ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, যদিহে চৰকাৰে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন ধৰনে যথোপযুক্ত সু-ব্যৱস্থাৰ লগতে খৰতকীয়াকৈ সমস্যা সমূহ সমাধান নকৰে, তেতিয়া তেওঁ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে, বিভিন্ন স্থানত দুৰ্ব্বল মথাউৰী আৰু বন্ধ পানী ওলায় যাবলৈ কোনো শ্লোইচ গেট নথকাৰ বাবেই এনেধৰণৰ বিভীষিকাৰ সৃষ্টি হল।
0 Comments:
Post a Comment