গুৱাহাটী মহানগৰীত মানৱতাৰ জয়গান,জে বি ল কলেজৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত ডঃ দিব্যজ্যোতি শইকীয়াই উদ্ধাৰ কৰিলে অচিনাক্ত যুৱকক।

৫জুলাই, গুৱাহাটী:
 আজি গুৱাহাটীৰ ৰাজপথৰ পৰা অচিনাক্ত মানসিক ভাৰসাম্যহীন  শাৰীৰিক ভাবে দুৰ্বল আৰু আঘাটপ্ৰাপ্ত  ঝাৰখণ্ডৰ এজন যুৱকক উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই। মানৱতাবাদী ডঃ শইকীয়াই কয় যে  আজি দুপৰীয়া ১ মান বজাত হঠাৎ জে বি ল কলেজৰ এগৰাকী অচিনাকী ছাত্ৰীয়ে ডঃ শইকীয়াক ফোন যোগে জনাই যে ল কলেজৰ সমুখত কোনো এক আঘাতপ্ৰাপ্ত, মানসিক ভাৰসাম্যহীন  যুৱক পৰি আছে। পূজা বৰদলৈ নামৰ যুৱতী গৰাকীৰ লগতে আন পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডঃ শইকীয়াৰ লগতে বহু লোকক উক্ত ঘটনাৰ বিষয়ে অৱগত কৰে যদিও কোনো লোক আগবাঢ়ি নাহে। বিষয়টো জনাৰ লগে লগে তাৎক্ষণিক ভাৱে ডঃ দিব্যজ্যোতি শইকীয়াই গুৱাহাটীৰ বহু কেইটা মানসিক ৰোগীক উদ্ধাৰ আৰু সেৱা কৰা নামজ্বলা বেচৰকাৰী সংস্থাক অৱগত কৰাৰ লগতে আহ্বান জনায়। ইয়াৰ উপৰি  ৰাজ্য চৰকাৰৰ  সমাজ কল্যান বিভাগ আদিকও অনুৰোধ কৰে। অৱশেষত "হেল্প এইড" নামৰ এক বেচৰকাৰী সংস্থাই  দায়িত্ব লয়। আনহাতে গুৱাহাটী মেডিকেল কলেজৰ পৰা কমাৰ্চ পইণ্টলৈ এম্বুলেন্স আহোঁতে সময় লাগিল প্ৰায় তিনি ঘণ্টাতকৈ অধিক। জে বি ল কলেজৰ পূজা বৰদলৈ নামৰ ছাত্ৰী গৰাকীৰ নেতৃত্বত ঋকছিটা, ৰুকছাঁনা,সন্দিপ, মেহস্ফূজ আলম আদি ছাত্ৰ ছাত্ৰীৰ সহযোগত গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল উক্ত যুৱকজনক। সমগ্ৰ বিষয় তথা  যুৱক জনক মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ তত্বাৱধানত পৰিচৰ্যা কৰাৰ অন্তত হেল্প এইডৰ সদস্যই তেওঁলোকৰ নিজা চেণ্টাৰলৈ লৈ যায়। এই সমগ্ৰ বিষয়টোত পুনৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  ডঃ শইকীয়াই কয় যে মহানগৰীৰ মাজ মজিয়াত তিনি কি'লমিটাৰৰ ব্যৱধানত চৰকাৰী এম্বুলেন্স সেৱাৰ সময়ৰ প্ৰয়োজন হয় নূন্যতম  তিনিঘণ্টা। আনহাতে বহু সংস্থাই মানসিক ৰোগীক উদ্ধাৰ আৰু সেৱা কৰা বুলি কৈ আহিছে যদিও সময়ত সকলো ফুটুকাৰ ফেনহে। এইসমূহৰ বিপৰীতে জে বি ল কলেজৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে দেখুৱা মহানুভতাক ডঃ দিব্যজ্যোতি শইকীয়াই ভূয়সী প্ৰশংসা কৰিছে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment