জামিন লাভ কৰিলে বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে

বিপ্লৱী কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে অৱশেষত জামিন লাভ কৰিলে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি বর্ষাশ্ৰীৰ জামিন মঞ্জুৰ কৰাৰ পিছতে বর্ষাশ্ৰীৰ পিতৃ-মাতৃৰ লগতে আনন্দত আত্মহাৰা হৈছিল বর্ষাশ্ৰীৰ শুভাকাংখীসকল। জামিন সম্পৰ্কীয় তথ্য পাতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনলাইন যোগে গোলাঘাট সত্ৰ ন্যায়ধীশলৈ প্ৰেৰণ কৰাৰ পিছতে বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ পিতৃ অজিত বুঢ়াগোহাঁয়ে জীয়ৰীৰ জামিন লোৱাৰ পিছতেই মুকলি আকাশলৈ অহাৰ পথ সম্পূৰ্ণৰূপে নিশ্চিত হয় আৰু পোনেপোনে পিতৃ গৃহলৈ আহি নিশা ৯-৩০ বজাত পিতৃ মাতৃক পাই আনন্দত আত্মহাৰা হৈ চকুলো টুকি সাৱটি ধৰে পিতৃ মাতৃ তথা আত্মীয়ক। উল্লেখযোগ্য যে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দ্বিতীয় সন্মাসিকৰ ছাত্ৰী বর্ষাশ্ৰী আছিল এগৰাকী মেধা সম্পন্ন ছাত্ৰী আৰু দুটা বিষয়ৰ পৰীক্ষা গোলাঘাট কাৰাগাৰতেই সম্পন্ন কৰিছিল। বাকী কেইটা পৰীক্ষা যোৰহাট ডিচিবি কলেজৰ পৰাই দিব পাৰিব।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment