প্ৰমাণ হল: কবিতাৰ বাবেই গ্ৰেপ্তাৰ হৈছিল ছাত্ৰী,ই এক মানৱ অধিকাৰ উলঙ্ঘনঃ ড০ দিব্যজ্যোতি শইকীয়া

যোৰহাট-গুৱাহাটী ২৩ জুলাই:

বিপ্লৱী কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গৰাকীয়ে  অৱশেষত মুক্তি লাভ কৰিলে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি ছাত্ৰী গৰাকীৰ  জামিন মঞ্জুৰ কৰাৰ পিছত স্পষ্ট হ'ল যে কেৱল কবিতা লিখাৰ বাবেই ছাত্ৰীগৰাকীক  গ্ৰেপ্তাৰ কৰা হৈছিল। মুক্তি লাভ কৰাৰ পিছতেই  সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত যুৱতীগৰাকীয়ে কয় যে কেনেকৈ তেওঁক আৰক্ষীয়ে সোধ-পোছৰ নামত গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁক যে কবিতাৰ বাহিৰে আন কথা সোধ-পোছ কৰা নাছিল এই কথা  তেওঁ স্পষ্টকৈ কয়। আনহাতে ন্যায়ালয়ৰ মজিয়াটো স্পষ্ট হয় যে কেৱল কবিতা লিখাৰ বাবেই যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। 
ছাত্ৰী গাৰকীৰ বিষয়ে সংবাদ মাধ্যমত চর্চা লাভ কৰাৰ পিছত যে ৰাজ্যৰ আৰক্ষী  সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীয়ে  যে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল এই কথাও স্পষ্টকৈ ওলায় পৰে। এই সন্দৰ্ভত  সময়ে সময়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতি অহা  অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে " তেওঁ বহু আগতেই এই বিষয়ত উনুকিয়াই থৈছিল যে যদিহে ছাত্ৰী গৰাকীয়ে কোনো সন্ত্ৰসবাদী সংগঠনৰ লগত যোগাযোগ ৰাখি তেনে সংগঠনলৈ যাবলৈ প্ৰস্তুতি চলোৱাৰ কথা ছাত্ৰী গৰাকী  গ্ৰেপ্তাৰৰ  সময়ত চৰকাৰে তথা আৰক্ষীয়ে কেতিয়াও ক'তো  উল্লেখ কৰা নাছিল। সেয়ে চৰকাৰী পক্ষৰ বক্তব্য ভুৱা আছিল বুলি প্ৰমাণিত হ'ল।  মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে বৰ্তমান চৰকাৰে  মানুহৰ মৌলিক অধিকাৰৰ পৰা আৰম্ভ কৰি বাক্ স্বাধীনতা আৰু মানৱ অধিকাৰ ব্যাপক ভাবে উলঙ্ঘন কৰি আহিছে। সেয়ে ভৱিষ্যতে সাধাৰণ কথাতে মানুহক গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰ উলঙ্ঘন নকৰিবলৈ চৰকাৰক সকিয়াই  দিয়ে। উল্লেখযোগ্য যে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দ্বিতীয় সন্মাসিকৰ ছাত্ৰী বর্ষাশ্ৰী নামৰ ছাত্ৰী  গৰাকী মেধা সম্পন্ন ছাত্ৰী।  তেওঁ দুটা বিষয়ৰ পৰীক্ষা গোলাঘাট কাৰাগাৰতেই সম্পন্ন কৰিবলৈ বাধ্য হৈছিল।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment