ৰাজ্যৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে যদিও কিছুমান স্পৰ্শকাতৰ বিষয়ত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাৰ ঘটনা ঘটিব লাগিছে । বিশেষকৈ প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত অসমত বহু লোক সর্প দংশনত মৃত্যু হয় যদিও অতি স্পর্শকাতৰ এই বিষয়টোৰ সন্দৰ্ভত, চৰকাৰ তথা স্বাস্থ্য বিভাগৰ উদাসীনতা পৰিতাপৰ বিষয়। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাসবিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ড° দিবাজ্যোতি শইকীয়াই সংবাদ মাধ্যমক কয় - চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্প দংশনৰ চিকিৎসাৰ বিষয়টোত সঠিকভাৱে মনোনিবেশ নকৰি কেৱল এণ্টি-স্নেক ভেনাম বেজী যোগান ধৰিয়েই দায়িত্ব সামৰিছে । সর্প দংশনত আহত লোকৰ চিকিৎসাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে যদিও বিগত ৬/৭ বছৰৰ পূৰ্বে এই বিষয়ত স্বাস্থ্য বিভাগে একাংশ চিকিৎসকক মাষ্টৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে যদিও পৰৱৰ্তী সময়ত বিষয়টোত বিশেষ গুৰুত্ব দিয়া নহল ।এই সন্দৰ্ভত বিভিন্ন জিলাত অনুসন্ধান কৰি জানিব পৰা মতে জিলাসমূহত সৰ্প দংশনৰ ৰোগীৰ বাবে আছুতীয়া কক্ষ, ডাক্তৰ নাৰ্চক প্ৰশিক্ষণ দিয়া বিষয়বোৰ কাৰ্যত পৰিণত নহল । সমগ্ৰ অসমৰ চিকিৎসালয় সমূহত সজাগতা বা প্ৰশিক্ষণপ্ৰাপ্ত ডাক্তৰ নাৰ্ছ ৰ ব্যৱস্থা কৰা নহল । যাৰ বাবে কি সাপে খুটিলে বা সাপে খোটা ৰোগীক এন্টি স্নেক ভেনাম বেজী দিব পৰা হবনে নাই তাৰো সিদ্ধান্ত যি কোনো চিকিৎসকে লব নোৱাৰে । ইফালে চিকিৎসালয়সমূহত প্রয়োজনীয় অভিজ্ঞ চিকিৎসক , আন্তঃগাঁথনিৰ অভাৱৰ বাবে সৰ্পই দংশন কৰা কৰা লোকক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰে আৰু এখন চিকিৎসালয়ৰ পৰা অন্য এখন চিকিৎসালয়লৈ ৰেফাৰ কৰিব লগা অৱস্থা হয় । যাৰ বাবে উপযুক্ত সময়ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকৰ মৃত্যু ঘটিছে। সজাগতাৰ অভাবৰ বাবেও বহু লোকে অন্ধবিশ্বাসৰ হলি হৈ বেজৰ কাষ চাপি অৱশেষত নিজৰ আত্মীয়ক হেৰুৱাব লগা লগা হৈছে। শিৱসাগৰ জিলাৰ ডিমৌৰ বাহিৰে ৰাজ্যৰ অধিকাংশ জিলাতে এই সম্পর্কীয় চিকিৎসাৰ অভাৱ দৃষ্টিগোচৰ হয়। সেয়েহে এই সম্পৰ্কে উপযুক্ত ব্যবস্থা গ্ৰহণেৰে অন্ধবিশ্বাস দূৰ কৰি সাধাৰণ লোকক জীৱন বচোৱাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ প্রতি আহ্বান জনাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই ।
Home
ৰাজ্য
সৰ্পই দংশন কৰা লোকৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসা ব্যৱস্থা , প্ৰয়োজনীয় ঔষধো নাপাই গ্ৰাম্য অঞ্চলৰ চিকিৎসালয়ত,স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাকলৈ উদ্বিগ্ন মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়া
Subscribe to:
Post Comments
(
Atom
)
0 Comments:
Post a Comment