বিশ্ব মানৱতা দিৱসত ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ডঃ দিব্যজ্যোতি শইকীয়ালৈ বিশেষ সন্মান

গুৱাহাটী,২০আগষ্ট: শুকুৰবাৰে বিশ্ব মানৱতা দিৱস উপলক্ষে ৰাজস্থানৰ মাউন্ট আবূত অৱস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখা ই গুৱাহাটীৰ মাছখোৱাত অৱস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত শুকুৰবাৰে নিশা অসমৰ পঞ্চাশ জনতকৈ অধিক সামাজিক কৰ্মীক বিশেষ সন্মান প্ৰদান কৰে। প্ৰজাপিতা ৰাজযোগ চেণ্টাৰৰ সামাজিক উইংয়ে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ চণ্ডীগড় শাখাৰ ভাৰপ্ৰাপ্ত বেহেন বি কে অনিতা। বি কে অনিতাই উপস্থিত সন্মান প্ৰাপক আৰু দৰ্শক ৰাইজক উদ্দেশ্যি মানুহৰ মানৱতাবোধ, মানৱ জীৱনৰ দৰ্শন আৰু শান্তিৰ হকে কৰণীয় দিশ সমূহক সামৰি  বক্তব্য আগবঢ়ায়। উক্ত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত সমাজলৈ  আগবঢ়োৱা বিশেষ সেৱাৰ বাবে  বিশিষ্ট চিন্তাবিদ,ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, বিশিষ্ট প্ৰকৃতিবিদ যাদৱ পায়েং, বিশিষ্ট সাংবাদিক সমালোচক হাইদৰ হুছেইন আদিকে ধৰি বহুকেইজন ব্যক্তিক বিশেষ সম্বৰ্ধনা তথা সন্মান জনায়। সম্বৰ্ধিত ব্যক্তি সকলক একোটাকৈ স্মাৰক, মানপত্ৰ, স্বল, গামোচা, বেজ,গছৰ পুলি আদি প্ৰদান কৰে।
উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই দুটা দশকত কৈ অধিক কাল শান্তি আৰু মানৱতাৰ হকে সমগ্ৰ ৰাষ্ট্ৰঃ ব্যাপি সেৱা আগবঢ়াই আহিছে। ডঃ দিব্যজ্যোতি শইকীয়া ৰ প্ৰবল দাবীতেই অসমত ডাইনী কাণ্ড ৰোধৰ হেতু আইন প্ৰণয়ন কাৰ্যকৰী হয়। ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে এশ এঘৰতাতকৈ (১১১) ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা তথা বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গীতিকাৰ,চিন্তাবিদ,মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক ভূয়সী প্ৰশংসা কৰিছে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment