শীৰ্ষ প্ৰডাকছনৰ উদ্যোগত নতুন দিল্লী আৰু গুৱাহাটীত অনুষ্ঠানৰ আয়োজন

 অসমৰ অন্যতম জনপ্ৰিয় ইভেন্ট মেনেজমেন্ট গ্ৰুপ শীৰ্ষ প্ৰডাকছনৰ উদ্যোগত নতুন দিল্লী আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব কেইবাটাও অনুষ্ঠান। আয়োজকে জনোৱা মতে অহা ১৫ অক্টোবৰত গুৱাহাটীস্থিত আৰোহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব Mr & Miss Awesome North-East ( Including kids/Mrs) নামৰ শীৰ্ষক সৌন্দৰ্য্য প্ৰতিযোগিতা। উল্লেখযোগ্য যে এই প্ৰতিযোগিতা খনত পুৰুষ, মহিলা, শিশু সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। মুলতঃ নিজৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা হৈছে এই সুন্দৰ প্ৰতিযোগিতাখন। আনহাতে একেদিনাই অনুষ্ঠিত হ'ব Star Assam Award শীৰ্ষক অনুষ্ঠানৰ। য'ত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ যোগ্য লোক সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হব। উদ্যোক্তা সকলে জনোৱা মতে অহা ২০ নবেম্বৰ তাৰিখে দেশৰ ৰাজধানী নতুন দিল্লীত তেওলোকে অনুষ্ঠিত কৰিব Regal India International ২০২২ আৰু Achivers Award ২০২২ ।অসম, উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব। ইতিমধ্যে গুৱাহাটী আৰু নতুন দিল্লীত অনুষ্ঠিত হব লগা অনুষ্ঠানৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক সকলে ৭০০২৮১৭৫৬৮, ৮০১১০১৯২৯৭ আৰু ৯৮৬৪০৯১০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে শীৰ্ষ প্ৰডাকছনে যোৱা ৬ বছৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment