শান্তিৰ নোবেল বঁটা ঘোষণা - সন্তোষ প্ৰকাশ কৰিলে ড০ দিব্যজ্যোতি শইকীয়াই



নৰৱে, অস্লো / নতুন দিল্লীঃ 
বিশ্বৰ সৰ্বাধিক সন্মানীয় শান্তি বঁটা ঘোষণা। নৰৱেৰ নোবেল কমিটিয়ে ২০২২ চনৰ শান্তি বঁটাৰ বাবে বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বালিয়াটস্কিক বাছনি কৰে। ইয়াৰ লগতে ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছেও এই বঁটা লাভ কৰিছে। উল্লেখযোগ্য যে ভাৰতৰ পৰা অহা ফেক্ট চেকাৰ মহম্মদ জুবাইৰ , প্ৰাক্তন আই এছ বিষয়া হৰ্ষ মাণ্ডাৰ, প্ৰতীক সিনহা এই দৌৰত জড়িত আছিল। কিন্তু কোনো এজনেও লাভ কৰা নাই নোবেল বঁটা। নোবেল বঁটা বিজয়ীসকলে নিজৰ দেশৰ নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰে বুলি দ্য নোবেল বঁটাত উল্লেখ কৰা হৈছে। তেওঁ বহু বছৰ ধৰি নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিতকৰণৰ বাবে কৰ্তৃপক্ষক সমালোচনা কৰি আহিছে। যুদ্ধাপৰাধ, মানৱ অধিকাৰ উলংঘন আৰু ক্ষমতাৰ অপব্যৱহাৰৰ নথিভুক্ত কৰাৰ বাবে তেওঁলোকে অসাধাৰণ প্ৰচেষ্টা চলাই আহিছিল। আনহাতে,  ভাৰত ৰাষ্ট্ৰৰ অসম ৰাজ্যৰ ৰাষ্ট্রীয় পর্যায়ৰ মানৱ অধিকাৰ তথা সমাজকর্মী ড০ দিব্যজ্যোতি শইকীয়াই মানৱ অধিকাৰ কর্মী আলেছলৈ এই বঁটা প্রদান কৰাকলৈ আনন্দ প্রকাশ কৰিছে৷ তেওঁ কয় যে, মানৱতা আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে এয়া এক বৃহৎ সফলতা। ৰাছিয়াৰ কাৰেলিয়াত জন্মগ্ৰহণ কৰা এলেছে বিগত তিনিটা দশক ধৰি বেলাৰুছত গণতন্ত্ৰ আৰু স্বাধীনতাৰ বাবে প্ৰচাৰ চলাই আহিছে। ১৯৯৬ চনত মিন্স্কত মানৱ অধিকাৰ সংগঠন ভাইছান প্ৰতিষ্ঠা কৰি ৰাজনৈতিক বন্দীসকলক সহায় কৰাৰ বাবে তেওঁ কাম কৰি আহিছে। শইকীয়াই কয় যে, এই বঁটাটোৱে নিশ্চিতভাৱে নৱ প্ৰজন্মক মানৱ সেৱাৰ দিশত কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব। লগতে জাতি বা ধৰ্মই পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে বুলি পুনৰবাৰ প্ৰমাণিত হৈছে বুলিও ডঃ শইকীয়াই  কয়। মানৱতা হৈছে মানৱ জীৱনৰ মূল আধাৰ আৰু ইয়াৰ সহায়তহে সমগ্ৰ বিশ্বতে শান্তি আৰু ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যাব।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment