অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই


গুৱাহাটী,৩০ জুলাইঃ স্থায়ী ঠিকনাৰে আজিৰ পৰা নতুন ৰূপ পালে অসম বিধানসভাই। ইতিহাস হ'ল অসম বিধানসভাৰ পুৰণি ভৱন। আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে অসম বিধানসভাৰ নতুন ভৱন। উল্লেখ্য যে ২০০৯ চনতেই বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। ৩৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটোত অত্যাধুনিক বিভিন্ন সা-সুবিধা প্ৰযোজ্য কৰা হৈছে। বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নতুন স্থায়ী ভৱনটো নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে দিনৰ ভাগত বিদ্যুৎ নাথাকিলেও সূৰ্যৰ ৰশ্মিৰ পোহৰত বিধানসভা পৰিচালিত কৰিব পৰাকৈ অত্যাধুনিক ব্যৱস্থাৰে এই নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে। সম্পূর্ণ ডিজিটেল ব্যবস্থাৰে নতুন ভৱনত কাম-কাজ পৰিচালিত হ’ব। বহু মহলীয়া এই ভৱনটোত মুঠ ৭খন লিফট সংযোগ কৰা হৈছে। সেইদৰে লাইটকে ধৰি বহু উন্নত প্রযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। ভৱিষ্যতৰ দিশটোৰ ওপৰত চিন্তা কৰি এই ভৱনত সদস্যৰ আসনৰ সংখ্যা ১৮৬খন কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment